নিউজ ডেস্কঃ আজি আইপিএলত ৰাজস্থানৰ বিৰুদ্ধে খেলপথাৰত নামিছে মুম্বাই। টছত জয়ী হৈ মুম্বাইয়ে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। মেচখনত ২০ অভাৰত ৰাজস্থানে ৮টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৯৩ ৰান। মেচখনত সৰ্বাধিক ৰান সংগ্ৰহ কৰে জৰ্জ বাটলাৰে।
জৰ্জ বাটলাৰে ৰাজস্থানৰ বেটছমেন বাটলাৰে ৮৬টা বলত ১০০ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। তাৰ বিপৰীতে দলটোৰ বেটছমেন যশশ্বী জেশৱালে ১ ৰান, ডি পাডিক্কালে ৭ ৰান, এছ ছেমছনে ৩০ ৰান, ছিমৰেণ হেটমায়েৰে ৩৫ ৰান, ৰিয়ান পৰাগে ৫ ৰান, ৰবিচন্দ্ৰ অশ্বিনে ১ ৰান, নৱদীপ ছেইনীয়ে ২ ৰান, ট্ৰেণ্ট বল্টে ১ ৰান সংগ্ৰহ কৰে।
মেচখনত ৰাজস্থানে এক্সট্ৰা ১১ ৰান লাভ কৰে। এই মেচখনত ১৯৪ ৰানৰ লক্ষ্য ৰাজস্থান ৰয়েলেছে বান্ধি দিয়াৰ পাছত ৰোহিত শৰ্মাৰ মুম্বাই ইণ্ডিয়ানছ বাহিনীয়ে জয়ী হ’বলৈ ক্ৰীজত নামিব।