শংকৰব্ৰত ৰায়মেধি

নিউজ ডেস্ক: অসম আৰক্ষীৰ আইপিএছ বিষয়া শংকৰ ব্ৰত ৰায়মেধিলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰনালয়ৰ বিশেষ অভিযান পাৰদৰ্শিতা বঁটা। এই বঁটা লাভ কৰা শংকৰব্ৰত ৰায়মেধি একমাত্ৰ অসমীয়া বিষয়া। ইয়াৰ পূৰ্বেও ৰায়মেধিয়ে গৃহমন্ত্ৰনালয়ৰ পৰা তদন্তত পাৰদৰ্শিতা লাভ কৰা প্ৰথমগৰাকী আৰক্ষী অধীক্ষক আছিল।

বিশ্বত্ৰাস মৌলবাদী সংগঠনৰ বিৰুদ্ধে এনআইএৰ হৈ চলোৱা বিশেষ অভিযানৰ বাবে ৰায়মেধিলৈ এই সন্মান। বৰ্তমান নতুন দিল্লীৰ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ আৰক্ষী অধীক্ষক ৰূপে কৰ্মৰত হৈ আছে ৰায়মেধি।

২০২০ বৰ্ষৰ ৭ অক্টোবৰত বিশ্বত্ৰাস উগ্ৰপন্থী সংগঠন ইছলামিক ষ্টেট, চমুকৈ আইছিছৰ বিৰুদ্ধে চলোৱা সফল অভিযানৰ বাবে তেওঁ এই পদক লাভ কৰিছিল।

শংকৰব্ৰত ৰায়মেধিয়ে পূৰ্বে নগাঁও আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত হৈ থকা অৱস্থাত নগাঁৱত সংঘটিত বটদ্ৰৱা ধৰ্ষণ কাণ্ডৰ ক্ষিপ্ৰ আৰু নিখুঁত তদন্তৰ বাবে লাভ কৰিছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ বিশেষ পাৰদৰ্শিতা বঁটা। ৰায়মেধি আছিল সেই পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া বিষয়া।

লগতে পঢ়ক- খাদ্যত বিষক্ৰিয়া হৈ খেৰণিত বনৰীয়া হাতীৰ মৃত্যু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply