নিউজ ডেস্কঃ ইৰাণত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এখন যুঁজাৰু বিমান এফ-৫ বাগৰি পৰে এখন বিদ্যালয়ৰ ওপৰত। ইৰাণৰ উত্তৰ-পশ্চিম চহৰ তবৰীজত সোমবাৰে সংঘটিত হয় এই ঘটনা। ঘটনাস্থলীত উপস্থিত আৰক্ষীয়ে সাংবাদিকৰ আগত কয় যে- এই ঘটনাত ৩জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত ২জন ক্ৰু সদস্য আৰু এজন পথচাৰী।

মহম্মদ বাঘেৰ হোনাৰৱৰ নামৰ এগৰাকী উদ্ধাৰকাৰী দলৰ বিষয়াই কয়- ‘সৌভাগ্যক্ৰমে কোৰোনা মহামাৰীৰ বাবে বিদ্যালয়খন বন্ধ আছিল। ইৰাণৰ এইখন যুঁজাৰু বিমানে অনুশীলনৰ সময়ত এনে ঘটনা সংঘটিত হয়। পুৱা প্ৰায় ৯ বজাত যুঁজাৰু বিমানখন বিদ্যালয়খনৰ ওপৰত পৰে।’

উল্লেখ্য যে, বিমানখন বিদ্যালয়ৰ ওপৰত বাগৰি পৰাৰ পাছতে সংঘটিত হয় অগ্নিকাণ্ড। পাছত অগ্নিনিৰ্বাপক বাহিনীয়ে উক্ত স্থানত উপস্থিত হৈ জুই নিৰ্বাপন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply