গুৱাহাটী : ৰমজান মাহকলৈ ইছলামিল চেণ্টাৰ ফৰ ইণ্ডিয়াৰ নীতি-নিৰ্দেশনা। কৰ’ণা ভাইৰাছৰ ভয়াবহ ৰূপ দেখি ৰমজান মাহকলৈ ইছলামিল চেণ্টাৰ ফৰ ইণ্ডিয়াই বান্ধি দিছে কিছুমান বিশেষ নীতি-নিৰ্দেশনা। অহা বুধবাৰৰ পৰা আৰম্ভ হ’ব ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ পবিত্ৰ ৰমজান মাহ। কৰ’ণা সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে এই নীতি-নিৰ্দেশনা জাৰি কৰিছে ইছলামিল চেণ্টাৰ ফৰ ইণ্ডিয়াই।

দেশত পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে কৰ’ণা মহামাৰীয়ে। কৰ’ণাৰ দ্বিতীয়টো ঢৌত পুনৰ আক্ৰান্ত হৈছে বহু লোক। কৰ’ণাৰ ভয়াবহ ৰূপ দেখি ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলৰ লগত বৈঠক মিলিত হৈছে। মুখ্যমন্ত্ৰী সকলৰ লগত প্ৰধানমন্ত্ৰীৰ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লকডাউনৰ পোষকতা নকৰে বুলি মন্তব্য কৰিছে যদিও কৰ’ণাৰ দ্বিতীয়টো ঢৌ প্ৰথম ঢৌত কৈ অধিক ভয়াবহ বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে।

কৰ’ণাৰ দ্বিতীয়টো ঢৌ দেশত ভয়াবহ ৰূপ ধাৰণ কৰি থকাৰ মাজতে আহি পাইছে ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ পবিত্ৰ ৰমজান মাহ। ৰমজান মাহলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰমজান মাহ পালনৰ সময়ত যাতে কৰ’ণাৰ সংক্ৰমণ বৃদ্ধি নাপায় ইয়াৰ বাবে ইছলামিল চেণ্টাৰ ফৰ ইণ্ডিয়াই কিছুমান নীতি-নিৰ্দেশনা বান্ধি দিছে।

ৰমজান মাহত নামাজ পঢ়াৰ লগতে অন্যান্য সকলো ধৰ্মীয় নীতি-নিয়ম পালনৰ ক্ষেত্ৰত ইছলামিল চেণ্টাৰ ফৰ ইণ্ডিয়াই ইছলাম ধৰ্মাৱলম্বী লোক সকলক কিছুমান নীতি-নিয়ম পালন কৰাৰ আহ্বান জনাইছে। ৰমজান মাহত মছজিদত নামাজ পঢ়াৰ সময়ত যাতে ১০০ জনকৈ অধিক লোক সমবেত নহয় ইয়াৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আহ্বান জনাইছে ইছলামিল চেণ্টাৰ ফৰ ইণ্ডিয়াই।

নামাজৰ লগতে ইফটাৰৰ সময়তো মাজিদত ১০০ জনতকৈ অধিক লোক সমবেত হ’ব নোৱাৰিব বুলি ঘোষণা কৰিছে ইছলামিল চেণ্টাৰ ফৰ ইণ্ডিয়াই। কভিডৰ ক্ষেত্ৰত থকা সকলো চৰকাৰী নীতি-নিয়ম পালন কৰি মছজিদত মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব বজাই ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ইছলামিল চেণ্টাৰ ফৰ ইণ্ডিয়াই। ছেহেৰীৰ সময়ত লাউডস্পীকাৰ ব্যৱহাৰ নকৰিবলৈও আহ্বান জনাইছে ইছলামিল চেণ্টাৰ ফৰ ইণ্ডিয়াই।

ইফালে তাৰাবিহ নামাজৰ ক্ষেত্ৰত ইছলামিল চেণ্টাৰ ফৰ ইণ্ডিয়াই তাৰাবিহৰ নামাজ এটা আৰু আধা পৃষ্ঠা পঢ়াৰ আহ্বান জনাইছে। আনহাতে নৈশ কাৰ্ফিউ ঘোষণা কৰা ঠাই সমূহত ৰাইজক নৈশ কাৰ্ফিউৰ পূৰ্বে ঘৰত প্ৰৱেশ কৰাৰ বাবেও আহ্বান জনাইছে ইছলামিল চেণ্টাৰ ফৰ ইণ্ডিয়াই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,283 other subscribers

Leave a comment

Leave a Reply