১১ দিন ধৰি চলা ৰক্তাক্ত সংঘৰ্ষৰ অৱসান ঘটাই অৱশেষত শুকুৰবাৰে ইজাৰাইল আৰু পেলেষ্টাইনৰ সশস্ত্ৰ গোট হামাছৰ মাজত যুদ্ধবিৰতি স্থাপন হৈছে।
সংবাদ মাধ্যম BBC-ৰ মতে এই সংঘৰ্ষত ২৪০ গৰাকীতকৈ অধিক লোকে প্ৰাণ হেৰোৱাব লগা হয়।
যুদ্ধবিৰতিৰ খবৰ ওলোৱাৰ লগে লগে পেলেষ্টাইনৰ জনগণ গাজাৰ বাট-পথ সমূহলৈ ওলাই আহে।
ইজৰাইলৰ সুৰক্ষা মন্ত্ৰী পৰিষদ (Political Security Cabinet)-এ যুদ্ধবিৰতিৰ সিদ্ধান্তক ‘সৰ্বসন্মতভাৱে গ্ৰহণ কৰিছে’ বুলি মন্তব্য কৰিছে।
হামাছৰ ফালৰ পৰাও যুদ্ধ বিৰতিৰ বাতৰি নিশ্চিত কৰি ইজৰাইলৰ ফালৰ পৰা ঘোষণা কৰা এই যুদ্ধবিৰতিয়ে পেলেষ্টাইনী জনতাৰ ‘বিজয়’ আৰু ইজৰাইলৰ প্ৰধান মন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ ‘পৰাজয়’ প্ৰমাণ কৰা বুলি কোৱা কয়।
ভাৰতীয় সময় মতে শুকুৰবাৰৰ পুৱা ৪.৩০ বজা (২৩.০০ জিএমটি বৃহস্পতিবাৰ)-ৰ পৰা এই যুদ্ধ বিৰতি কাৰ্যকৰী হোৱা বুলি প্ৰকাশ পাইছে।
আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে এই যুদ্ধবিৰতিয়ে প্ৰগতিৰ বাবে ‘প্ৰকৃত সুযোগ’ কঢ়িয়াই আনিছে বুলি কয়।
লগতে পঢ়ক : ভাল খবৰ! এতিয়াৰ পৰা নিজেই ঘৰতে কৰিব পাৰিব ক’ভিডৰ পৰীক্ষা
উল্লেখযোগ্য যে দেশ দুখনৰ মাজত সংঘটিত এই যুদ্ধত তুৰস্ক, ৰাছিয়া আৰু আমেৰিকাৰ প্ৰত্যক্ষ প্ৰৱেশৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাইছিল আৰু ফলত এই যুদ্ধই বিশ্বযুদ্ধৰ ৰূপ লোৱাৰ আশংকা কৰা হৈছিল।
কেইবা সপ্তাহ জুৰি চলি থকা উত্তজনাৰ পিছত যোৱা ১০ মে’ত গাজাত পেলেষ্টাইন আৰু ইজৰাইলৰ মাজত সংঘৰ্ষৰ আৰম্ভ হৈছিল।
উক্ত সংঘৰ্ষত ২৩২ গৰাকী পেলেষ্টাইনী লোকে প্ৰাণ হেৰুৱাই, নিহতসকলৰ ভিতৰত ১০০ গৰাকীতকৈ অধিক মহিলা আৰু শিশু আছে। সংঘৰ্ষৰ ফলত ১২ গৰাকী ইজৰাইলী লোকৰ মৃত্যু হয়, নিহতসকলৰ ভিতৰত দুগৰাকী শিশুও আছে।