ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত যোৱা চাৰি দিন ধৰি চলি আছে ভয়ংকৰ আক্ৰমণ-প্ৰত্যক্ৰমণ। এই সংঘৰ্ষত বৰ্তমানলৈকে ১০০ জনতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে।

দীৰ্ঘদিনৰ মূৰত পুনৰ দুয়ো দেশৰ শত্ৰুতা তুংগত উঠিছে। ৰকেট আৰু মিছাইলেৰে চলোৱা আক্ৰমণত ১০৯ গৰাকী লোকে প্ৰাণ হেৰোৱাইছে, ইয়াৰে ২৯ গৰাকী শিশু আৰু ৭ গৰাকী ইজৰাইলী নাগৰিক।

ইয়াৰ মাজতে শুকুৰবাৰে ইজৰাইলে স্থল আক্ৰমণৰ ভাবুকি দিছে। ইজৰাইলী সেনাই গাজা ষ্ট্ৰীপত প্ৰৱেশ কৰা বুলি দাবী কৰাৰ লগতে ইজৰাইলী ডিফেন্স ফ’ৰ্চে (IDF)-এ জনাই যে  তেওঁলোকে পেলেষ্টাইনৰ বিদ্ৰোহী গোট হামাছৰ অধ্যুষিত অঞ্চলত এয়াৰষ্ট্ৰাইক অব্যাহত ৰাখিছে।

ইজৰাইলৰ প্ৰধান মন্ত্ৰী বেঞ্জামিন নেটানয়াহুয়ে কয়, ‘হামাছে ইয়াৰ বিষম পৰিণাম ভুগিব লাগিব। তাৰ বাবে আমি যি কৰিব লাগে সেয়া কৰি আছো তথা আৰু দৃঢ়তাৰে কৰি যাম।‘  

লগতে পঢ়ক : বনৰীয়া হাতীৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ দাবী পৰিৱেশমূলক চলচিত্ৰ নিৰ্মাতাৰ

উল্লেখযোগ্য যে ইজৰাইলে গাজাত পেলেষ্টাইনৰ বিৰুদ্ধে চলাই থকা আক্ৰমণৰ প্ৰত্যাক্ৰমণত যোৱা বুধবাৰে হামাছে ইজৰাইলৰ ওপৰত ১৩০ খন ৰকেটৰ আক্ৰমণ চলাইছিল, য’ত এজন লোকে প্ৰাণ হেৰোৱাইছিল।

ইয়াৰ পূৰ্বে ইজৰাইলৰ বায়ুসেনাই গাজাত ১৪টা অট্টালিকা বোমাৰে উৰুৱাই দিছিল, ইজৰাইলৰ বায়ুসেনাৰ আক্ৰমণত গাজা ষ্ট্ৰীপ প্ৰায় বিধ্বস্ত হৈ পৰে। ।

ইজৰাইলৰ ভয়ংকৰ বোমাবৰ্ষণত গাজাৰ বিখ্যাত অল শ্বৰৌক টাৱাৰটো চকুৰ আগতে ধ্বংস হৈ যায়।

ইজৰাইল-পেলেষ্টাইনৰ সংঘৰ্ষক লৈ উদ্বিগ্ন ৰাষ্ট্ৰসংঘ। আমেৰিকা, ব্ৰিটেইন, জাৰ্মানীৰ ফালৰ পৰা যুদ্ধ অন্ত পেলোৱাৰ চেষ্টা। এই সংঘৰ্ষক লৈ অতিশীঘ্ৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠক অনুষ্ঠিত হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply