নিউজ ডেস্ক: ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ (ইছৰো)ৱে দেওবাৰে ব্ৰাজিলৰ আমাজনীয়া-১ ছেটেলাইটটো সফলভাৱে নিক্ষেপণ কৰিছে। ইয়াৰ লগতে ইছৰোৱে নিজাকৈ ১৮টাকৈ ছেটেলাইট নিক্ষেপ কৰে।
ইছৰোৱে শ্ৰীহৰিকোটাৰ চটিশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা আমজেনিয়া-১ আৰু আন ১৮ টা উপগ্ৰহ বহনকাৰী PSLV-C51 উৎক্ষেপণ কৰে।
২০২১ৰ আৰম্ভনিতে ভাৰতীয় মহাকাশ অনুসন্ধান সংস্থা চমুকৈ ইছৰোৰ এক বৃহৎ সফলতা। দেওবাৰে পুৱা ১০.২৪বজাত অন্ধ্ৰ প্ৰদেশৰ হৰিকোটাৰ পৰা মহাকাশলৈ উৰিল পি এছ এল ভি- চি৫১। এই পি এছ এল ভি- চি৫১ৱে আমজেনিয়া-১ আৰু অন্য ১৮টা চেটেলাইট কঢ়িয়াই উৰিল মহাকাশলৈ।


ইছৰোয়ে সদৰি কৰা মতে, পি এছ এল ভি- চি ৫১ হৈছে পি এছ এল ভি মিছনৰ ৫৩সংখ্যাক পদক্ষেপ। আত্মনিৰ্ভৰশীল ভাৰতৰ বাবে আজিৰ দিনটো ঐতিহাসিক বুলি ঘোষণা কৰে ইছৰোৱে। উল্লেখযোগ্য যে, পি এছ এল ভি- চি ৫১ত ইছৰোৱে পঠাইছে এখন বৈদ্যুতিক গীতাৰ লগতে এটা উপগ্ৰহত অংকিত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ফটো।
সতীশ ধাৱান চেটেলাইটত প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ফটো খোদিত কৰা হৈছে। ছেটেলাইটটো প্ৰস্তুত কৰিছে চেন্নাইৰ স্পেচ কিডছ ইণ্ডিয়াই।প্ৰধানমন্ত্ৰীৰ ছৱিৰ উপৰিও ছেটেলাইটটোৱে এটা এছডি কাৰ্ডত ভাগৱত গীতাও মহাকাশলৈ কঢ়িয়াই নিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply