নিউজ ডেস্ক: দেওবাৰে তুৰ্কী ৰাজধানী ইস্তানবুলত সংঘটিত এক বোমা বিস্ফোৰণত কমেও ৬জন লোক নিহত হোৱাৰ লগতে ৮১জন আহত হৈছে।
সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে দেওবাৰে স্থানীয় সময় অনুসৰি প্ৰায় ১৬:২০ বজাত মধ্য ইস্তানবুলৰ তাকচিম স্কোৱেৰ অঞ্চলৰ এটা শ্বপিং ষ্ট্ৰীটত বিস্ফোৰণটো সংঘটিত হয়।
দেশখনৰ অভ্যন্তৰীণ মন্ত্ৰী চুলেমান চয়লুৱে জনোৱা মতে আৰক্ষীয়ে বোমা সংস্থাপন কৰা ব্যক্তিজনৰ লগতে মুঠ ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত মুঠ ২২জন লোকক আটক কৰিছে।
বিস্ফোৰণত আঘাতপ্ৰাপ্ত হোৱা প্ৰায় ৫০জন লোকক প্ৰাথমিক চিকিৎসাৰ পিছত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয় ।
লগতে পঢ়ক – ICC T20 বিশ্বকাপ: ইংলেণ্ডৰ হাতত ৫ উইকেটত পৰাস্ত পাকিস্তান