নিউজ ডেস্কঃ বাঘ বা সিংহ বুলি ক’লে সাধাৰণতে মানুহে এই বন্যপ্ৰাণীৰ কাষলৈ যাবলৈ সাহস নকৰে। কিন্তু তাৰ মাজতে ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’। এই ভিডিঅ’টোত দেখা গৈছে যে আইটিবিপি জোৱানে এটা নাহৰফুটুকী বাঘক উদ্ধাৰ কৰাৰ বাবে নিজৰ জীৱনৰো বাজী লগাইছে।
এই ভিডিঅ’টো চাইয়ে বুজিব পাৰি যে আমাৰ দেশৰ জোৱান কিমান সাহসী। মানুহেই হওঁক বা বন্যপ্ৰাণীয়ে হওঁক এই জোৱানসকলে যিকোনো পৰিস্থিতিতেই সকলোৰে জীৱন ৰক্ষাৰ বাবে চেষ্টা চলাই আমাৰ দেশৰ জোৱানসকলে। আইটিবিপিৰ জোৱানে বৰফেৰে আঁৱৰি থকা পাহাৰৰ মাজৰ পৰা নাহৰফুটুকী বাঘটোক উদ্ধাৰ কৰে।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, এই ভিডিঅ’টো হিমাচলপ্ৰদেশৰ। সাগৰপৃষ্ঠৰ পৰা প্ৰায় ১২৫০০ ফুট উচ্চতাত পাহাৰত বৰফৰ মাজৰ পৰা এই বাঘটোক উদ্ধাৰ কৰে আইটিবিপিৰ জোৱানে। ছচিয়েল মিডিয়াত এতিয়া এই ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পাছৰে পৰা সাধাৰণ লোকে প্ৰশংসা কৰিছে দেশৰ জোৱানসকলৰ।