নিউজ ডেস্কঃ ছত্তিশগড়ৰ নাৰায়ণপুৰত আইটিবিপি জোৱানৰ ওপৰত মাওবাদীৰ আক্ৰমণ। মাওবাদীৰ আই ই ডি বিস্ফোৰণত নিহত এজন আইটিবিপি জোৱান। এই বিস্ফোৰণত গুৰুতৰভাৱে আহত এজন হেড কনিষ্টবলৰ লগতে বহুকেইগৰাকী জোৱান।

আহত জোৱানজনক চিকিৎসাৰ বাবে ৰায়পুৰলৈ লৈ যোৱা হৈছে। এই সন্দৰ্ভত নাৰায়ণপুৰৰ এছ পি সদানন্দ কুমাৰে কয়,” এই ঘটনাটো সোমবাৰে দণ্ডিবাৰা আৰু সোনপুৰ গাঁৱৰ মাজত পুৱা প্ৰায় ৮.৩০ বজাত সংঘটিত হৈছিল । মাওবাদীয়ে আইটিবিপিৰ ৫৩ তম বেটেলিয়নৰ এটা দলে পে’ট্ৰলিঙৰ বাবে ওলোৱাৰ পথত বোমাটো স্থাপন কৰিছিল। এই বিষ্ফোৰণত ৰাজেন্দ্ৰ কুমাৰ নামৰ আইটিবিপি জোৱানজন নিহত হৈছে।”

আনহাতে ১৩ মাৰ্চতো ছত্তিশগড়ৰ চাকমা জিলাত মাওবাদীৰ গুলীত ডিষ্ট্ৰিক ৰিজাৰ্ভ গাৰ্ডৰ দুজনকৈ জোৱান গুৰুতৰভাবে আহত হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,741 other subscribers

Leave a comment

Leave a Reply Cancel reply