নিউজ ডেস্ক: সীমান্ত সুৰক্ষা বাহিনী ITBP (Indo-Tibetan Border Police)-এ কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰোৱা জোৱানসকলৰ পৰিয়ালৰ মাজত ৩০০ টা স্মাৰ্টফোন বিতৰণ কৰিব বুলি বাহিনীটোৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়ে।

শনিবাৰে নতুন দিল্লীস্থিত ITBP-ৰ মুখ্য কাৰ্য্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত ১২ গৰাকী এনে ‘বীৰ নাৰী’ক সম্বৰ্ধনা জনোৱাৰ লগতে স্মাৰ্টফোন প্ৰদান কৰা হয়।

ITBP-ৰ সঞ্চালক প্ৰধান সঞ্জয় আৰোৰাৰ পত্নী ৰিতু আৰোৰাই অনুষ্ঠানত ভাগ লৈ কয় যে এই পদক্ষেপৰ ফলত চহিদ জোৱানসকলৰ পৰিয়ালৰ লোকে অনলাইন যোগে বাহিনীৰ ওচৰত নিজৰ অভাৱ-অভিযোগ দাখিল কৰিব পাৰিব।

উল্লেখযোগ্য যে ১৯৬২ চনত চীন যুদ্ধৰ সময়ত গঠন হোৱা ITBP-ত বৰ্তমান প্ৰায় ৯০,০০০ জোৱানে সমুদ্ৰপৃষ্ঠৰ পৰা ৩,৪৮৮ কিলোমিটাৰ উচ্চতাত মুখ্যত চীনৰ সৈতে থকা Line of Actual Control (LAC) -ত নিয়োজিত হৈ আছে।

লাগে – পৌৰ নিৰ্বাচনৰ সময়ত ভোটগ্ৰহন কেন্দ্ৰত সোমাবলৈ গৈ বিপদত মৰিগাৱৰ বিধায়ক ৰমাকান্ত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply