নিউজ ডেস্কঃ ৰাষ্ট্ৰীয় আইচ হকী চেম্পিয়নশ্বিপ ২০২২ত জয়ী হৈছে আইটিবিপি দল। হিমাচলপ্ৰদেশত ভাৰতীয় আইচ হকী সংস্থাৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ ফাইনেল মেচত আইটিবিপিৰ দলে সেনা বাহিনীৰ দলক ৩-১ গ’লত পৰাস্ত কৰে।
কাজাৰ আইচ হকী ৰিংকত আয়োজিত এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত, আইটিবিপি, লাডাখ, এল এছ আৰ চি, দিল্লী আৰু হিমাচলপ্ৰদেশসহ দেশৰ ৫ শীৰ্ষ দলে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়।