নিউজ ডেস্কঃ সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এখন কঠালৰ ফটো। কঠালটোৰ মূল্য লিখা আছে ১৬পাউণ্ড অৰ্থাত ভাৰতীয় মুদ্ৰাত দাম হৈছে ১৬০০০টকা। এই ১৬০০০হেজাৰ টকাৰ মূল্যৰ কঠালটোক লৈ এতিয়া চৰ্চা চলিছে সামাজিক মাধ্যমত।
লণ্ডনৰ আটাইতকৈ বৃহৎ আৰু পুৰণি বৰো মাৰ্কেটত ১৬০০০হাজাৰ টকাত বিক্ৰী হ’ল এটা কঠাল। সামাজিক মাধ্যমত এই ফটোখন ১মিলিয়ন বাৰ শ্বেয়াৰ হৈছে।

সাধাৰণতে এটা কঠালৰ মূল্য আমাৰ দেশত ১০০-১৫০ টকাৰ ভিতৰত হয়। এই ফটোখন বিবিচিৰ সাংবাদিক ৰিকাৰ্ডো চেনৰাই নিজৰ টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰাৰ পাছতেই ভাইৰেল হৈ পৰে। ছ’চিয়েল মিডিয়াত এই বিষয়টোক লৈ নানা কৌতুহলৰ সৃষ্টি হৈছে। কোনোৱে কৈছে কঠাল বিক্ৰী কৰি যদি কোটিপতি হ’ব বিচাৰে তেনেহ’লে লণ্ডনলৈ যাওক। কোনোৱে প’ষ্টটোৰ কমেন্টত লিখিছে লণ্ডনলৈ গৈ কঠালৰ ব্যৱসায় কৰিম।
পিছে কঠালটোৰ মূল্য কিয় ইমান বেছি জানেনে? কাৰণ ব্ৰিটেইনৰ বতৰ কঠাল উৎপাদনৰ বাবে উপযুক্ত নহয়। গতিকে কঠাল তাত বিৰল। ব্ৰিটেইনত কঁঠালৰ চাহিদা বৃদ্ধি হোৱাৰ বাবে কঁঠালৰ আমদানি বৃদ্ধি পাইছে। ফলস্বৰূপে, ইয়াৰ মূল্যৰ ওপৰতো প্ৰভাৱ পৰে। নিৰামিষ ভোজীসকলেও মাংসৰ বিকল্প হিচাপে কঁঠাল খায়।
লগতে পঢ়কঃবিবাহ অনুষ্ঠানৰ পৰা ঘূৰি অহা বাহন বাগৰিল দ’ খাৱৈত, ১৪ যাত্ৰীয়ে হেৰুৱালে প্ৰাণ