যোৱা ২০ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত ভীম্বাৰ গলি অঞ্চলৰ সমীপত বিয়লি প্ৰায় ৩ বজাত সন্ত্ৰাসবাদীয়ে সেনাবাহিনীৰ বাহনৰ ওপৰত গুলীচালনা কৰে। পিছত ই গ্ৰেনেড আক্ৰমণ কৰাৰ ফলত বাহনখনত অগ্নিসংযোগ হয়। সন্ত্ৰাসবাদী আক্ৰমণত কমেও ৫ জন ভাৰতীয় জোৱান নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়। আটাইকেইজন জোৱান ৰাষ্ট্ৰীয় ৰাইফলছ ইউনিটৰ আছিল, যিসকলে অঞ্চলটোত সন্ত্ৰাসবাদ বিৰোধী অভিযানত নিয়োজিত আছিল।

শ্বহীদ হোৱা আটাইকেইজন জোৱান ৰাষ্ট্ৰীয় ৰাইফলছ ইউনিটৰ তেওঁলোকৰ নামসমুহ ক্ৰমে মনদ্বীপ সিং, দেবাশীষ বাসৱাল,কুলৱন্ত সিং,হৰকৃষণ সিং,সেৱক সিং।

জম্মু–কাশ্মীৰৰ পুঞ্চত সেনাৰ বাহনত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছত নিৰাপত্তাৰক্ষীয়ে বাটা–ডোৰিয়া অঞ্চলৰ ঘন জংঘলত অভিযান আৰম্ভ কৰিছে । সমগ্ৰ অঞ্চলটো সেনাই ঘেৰাও কৰি ৰাখিছে। সন্ত্ৰাসবাদীৰ সন্ধানত ড্ৰোণ আৰু স্নিফাৰ ডগ ব্যৱহাৰ কৰা হৈছে।

সেনাই জনোৱা মতে, যিখন বাহনত জোৱানসকল গৈ আছিল, সেই বাহনখন সন্ত্ৰাসবাদীয়ে লক্ষ্য কৰি লয় আৰু গ্ৰেনেডৰ সম্ভাৱ্য ব্যৱহাৰৰ বাবে জ্বলি যায়। নিয়ন্ত্ৰণ ৰেখাত কটকটীয়া সতৰ্কতাৰ মাজতে সীমান্তৱৰ্তী জিলা ৰাজৌৰী আৰু পুঞ্চত হাই এলাৰ্ট জাৰি কৰা হৈছে। লগতে তেওঁ কয় যে এই ঘটনাৰ পিছত ভীম্বাৰ গলি-পুঞ্চ পথৰ যাতায়াত বন্ধ কৰি দিয়া হৈছে।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সন্ত্ৰাসবাদী আক্ৰমণৰ বিষয়ে অৱগত কৰিছে সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডে।

তাৰ পাছতে নিজৰ যন্ত্ৰণা প্ৰকাশ কৰি সিঙে টুইটাৰযোগে লিখিছে, “পুঞ্চ জিলা (জে এণ্ড কে)ত সংঘটিত হোৱা শোকাৱহ দুৰ্ঘটনাত যন্ত্ৰণাত ভুগিছে, য’ত ভাৰতীয় সেনাই এখন ট্ৰাকত জুই লাগি সাহসী জোৱান হেৰুৱাইছে। এই মৰ্মান্তিক সময়ত মোৰ চিন্তা শোকসন্তপ্ত পৰিয়ালবোৰৰ লগত আছে।”

জানিব পৰামতে এন আই এৰ(NIA) এটা দল পুঞ্চলৈ প্ৰেৰণ কৰা হৈছে। লগতে দিল্লীৰ পৰা এন আই এৰ ফৰেনছিক দল এটাও সেই স্থানত উপস্থিত হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply