নিউজ ডেস্কঃ জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত সন্ত্ৰাসবাদীৰ গুলীচালনাত নিহত এজন নিৰীহ ব্যক্তি। যোৱা এসপ্তাহত এনে ধৰণৰ দুটা ঘটনা সংঘটিত হৈছে। বুধবাৰে এজন গাওঁ প্ৰধানক গুলীয়াই হত্যা কৰে সন্ত্ৰাসবাদীয়ে।
জানিব পৰা মতে, খানমোহ এলেকাৰ গাওঁ প্ৰধান সমীৰ অহমদ ভট্টক বুধবাৰে সন্ধিয়াই হত্যা কৰা হয়। জম্মুৰ উধমপুৰত সন্ত্ৰাসবাদীৰ দ্বাৰা আইইডি বিস্ফোৰণ সংঘটিত কৰাৰ কেইটামান ঘন্টাৰ পাছতে এই ঘটনা সংঘটিত হয়। এই বিস্ফোৰণত এজন ব্যক্তিৰ মৃত্যু হয়। আৰু আন ১৪জন লোক আহত হয়।
তাৰ পূৰ্বে দেওবাৰে সন্ত্ৰাসবাদীয়ে শ্ৰীনগৰত বোমা বিস্ফোৰণো সংঘটিত হয় আৰু এই বিস্ফোৰণত মৃত্যু হৈছিল দুজন লোকৰ। তদুপৰি ৩৪জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। আৰক্ষীয়ে এই ঘটনাৰে জড়িত দুটা সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে।