নিউজ ডেস্কঃ জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰে ভাৰতীয় সেনা বাহিনীৰ সংঘৰ্ষ। শনিবাৰে জম্মু-কাশ্মীৰৰ শ্বপিয়ান জিলাত সেনা বাহিনীৰ সৈতে সন্ত্ৰাসবাদী সংঘৰ্ষত নিহত হয় এটা সন্ত্ৰাসবাদী। জানিব পৰা মতে, এই সংঘৰ্ষত সন্ত্ৰাসবাদীৰ গুলীত শ্বহীদ হয় দুজন ভাৰতীয় জোৱান।
ভাৰতীয় সেনা বাহিনীৰ এগৰাকী বিষয়াই এই সন্দৰ্ভত সাংবাদিকৰ আগত কয়- শ্বপিয়ানত জৌনাপুৰা এলেকাৰ চেৰমাৰ্গ সন্ত্ৰাসবাদী কেইটা আত্মগোপন কৰি থকা খবৰ পোৱাৰ পাছতে সেনা বাহিনীয়ে তাত অভিযান চলায়।
অভিযান চলাই থকা সময়চোৱাতে সন্ত্ৰাসবাদীয়ে তেওঁলোকৰ প্ৰতি লক্ষ্য কৰি গুলীচালনা কৰে আৰু তাৰপাত সেনা বাহিনীয়েও দিয়ে যোগ্যপ্ৰত্যুত্তৰ। য’ত এজন সন্ত্ৰাসবাদীৰ মৃত্যু হয়।