নিউজ ডেস্কঃ জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আৰম্ভ কৰিছে অভিযান। বতনাৰ এলেকাত কেইটামান সন্ত্ৰাসবাদী আত্মগোপন কৰি থকা খবৰ লাভ কৰাৰ পাছতে নিৰাপত্তা বাহিনীয়ে আৰম্ভ কৰে এই অভিযান।
অহা-যোৱা কৰা প্ৰতিটো পথেই ছীল কৰি দিয়া হয়। নিৰাপত্তা বাহিনীয়ে আত্মগোপন কৰি থকা সন্ত্ৰাসবাদী কেইটাক আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনাই যদিও সন্ত্ৰাসবাদীৰ গুলীবৰ্ষণত নিহত হয় এজন জোৱান।
তাৰপাছতে নিৰাপত্তা বাহিনীয়েও যোগ্যপ্ৰত্যুত্তৰ দিয়ে সন্ত্ৰাসবাদীক। উল্লেখ্য যে, ইয়াৰ পূৰ্বে শ্বোপিয়ানত নিৰাপত্তা বাহিনীৰ গুলীবৰ্ষণ নিহত হৈছিল লস্কৰ-ই-তৈবাৰ চাৰিটা সন্ত্ৰাসবাদীৰ। লগতে নিৰাপত্তা বাহিনীয়ে বহু অস্ত্ৰ-শস্ত্ৰও জব্দ কৰিছিল।