প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো

নিউজ ডেস্কঃ কাশ্মীৰত পুনৰ উত্তেজনা। শুকুৰবাৰে পুৱা জম্মু -কাশ্মীৰৰ পুলৱামাত সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত হয় তিনি সন্ত্ৰাসবাদী।

বৃহস্পতিবাৰে ভাৰতীয় জনতা পাৰ্টিৰ নেতা আনৱাৰ খানৰ জম্মু কাশ্মীৰ নৱগ্ৰামত থকা বাসগৃহত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিছিল।

সেই ঘটনাৰ পিছতেই সন্ত্ৰাসবাদীকেইজনৰ উপস্থিতিৰ তথ্য লাভ কৰি কাকাপৰা অঞ্চলত বৃহস্পতিবাৰৰ পুৱতি নিশাৰ পৰা সেনা, আৰক্ষী আৰু চি আৰ পি এফে যৌথ অভিযান চলায়।

শুকুৰবাৰে পুৱাই সেনা -আৰক্ষীৰ সৈতে সন্ত্ৰাসবাদীৰ সংঘৰ্ষ হয়।

এই গুলীয়া -গুলীৰ ঘটনাত ৩টা সন্ত্ৰাসবাদীৰ লগতে এজন নিৰাপত্তাৰক্ষীয়ো নিহত হয়। নিহত সন্ত্ৰাসবাদী কেইজনক চিনাক্ত কৰিব পৰা হোৱা নাই।

আনফালে এনকাউণ্টাৰটোত স্থানীয় কেইবাজনো লোক আহত হয়। আঘাতপ্ৰাপ্ত লোককেইজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

তেওঁলোকৰ নামসমূহ ইছৰাত জান (২৫) আৰু গোলাম নবী দাৰ (৪২) নামেৰে জনা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply