নিউজ ডেস্ক: জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ দৰহালৰ পাৰগলত থকা সেনা শিবিৰত সন্ত্ৰাসবাদীয়ে আত্মঘাতী আক্ৰমণ কৰে। সন্ত্ৰাসবাদীৰ এই আক্ৰমণত তিনিজন সৈনিক চহীদ হোৱাৰ লগতে আন দুজন আহত হয়।
একে সময়তে, সেনাৰ আক্ৰমণত দুজন সন্ত্ৰাসবাদী নিহত হয় বুলি জানিব পৰা গৈছে। আঘাতপ্ৰাপ্ত সৈনিকসকলক ওচৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
উল্লেখযোগ্য যে জম্মু-কাশ্মীৰত দীৰ্ঘদিন ধৰি সন্ত্ৰাসবাদীৰ আত্মঘাতী আক্ৰমণ দেখা গৈছে।
সংবাদ মাধ্যমত জম্মু মণ্ডলৰ এডিজিপি মুকেশ সিঙৰ উদ্ধৃতি দি কয়, ‘’কিছুমান লোকে ৰাজৌৰীৰ দাৰহালত এটা সেনা শিবিৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল। ঘটনাস্থলীলৈ অতিৰিক্ত সুৰক্ষা বাহিনী প্ৰেৰণ কৰা হৈছে।‘’
এডিজিপিয়ে কয় যে এনকাউণ্টাৰত দুজন সন্ত্ৰাসবাদী নিহত হৈছে, আনহাতে দুজন জোৱানও আহত হৈছে। উল্লেখ্য যে বুধবাৰে জম্মু-কাশ্মীৰৰ বুদগাম জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত লস্কৰ-ই-তৈবা (এল ই টি)-ৰ তিনিজন উগ্ৰপন্থী নিহত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
নিহত উগ্ৰপন্থীসকলৰ ভিতৰত যোৱা মে’ মাহত কাশ্মীৰী পণ্ডিত কৰ্মচাৰী ৰাহুল ভাটৰ হত্যাত জড়িত লতিফ ৰাথাৰো আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
লগতে পঢ়ক – Russia-Ukraine war: ইউক্ৰেইনৰ পাৰমাণৱিক প্ৰকল্পৰ সমীপত ৰাছিয়াৰ বোমা নিক্ষেপ