নিউজ ডেস্কঃ ভাৰতলৈ আহিব বন্ধুত্ব ৰাষ্ট্ৰ জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদা।
বাণিজ্য, বিনিয়োগকে ধৰি ৰাষ্ট্ৰ দুখনৰ মাজত দ্বিপাক্ষিক চুক্তিৰ সম্প্ৰসাৰণ কৰাৰ সম্ভাৱনা আছে জাপানৰ প্ৰধানমন্ত্ৰী গৰাকীৰ ভাৰত ভ্ৰমণৰ কালত।
চলিত মাহৰ ২০ আৰু ২১ তাৰিখে ফুমিও কিছিদা ভাৰত ভ্ৰমণ কৰিব।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তৰফৰ পৰা জনাই যে, জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদাই ২০ ৰ পৰা ২১ মাৰ্চত ভাৰতত চৰকাৰী ভ্ৰমণ কৰিব।
দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ জি-২০ৰ সভাপতিত্ব আৰু জি-৭ ৰ জাপানৰ সভাপতিত্বৰ বিষয়েও এলানি আলোচনাত বহিব বুলি জানিব পৰা গৈছে।