গুৱাহাটী – জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুহৃদ বুলি পৰিচিত ছিনঝৌ আবে’ৰ আজি আততায়ীৰ গুলীত মৃত্যু হয়। ইয়াৰ লগে লগে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ ভাৰত ভ্ৰমণৰ বহু দিশ আধৰুৱা হৈ ৰ’ল। গুৱাহাটীত প্ৰথমবাৰৰ বাবে ভৰি থোৱাৰ মন আছিল প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীৰ। সকলো সাজু হৈছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰা নিশ্চিত কৰাও হৈছিল আবে’ৰ অসম ভ্ৰমণ। গুৱাহাটীৰ বাট-পথ সজাই তোলা হৈছিল। পিছে অসম আৰু ত্ৰিপুৰাত হঠাত তীব্ৰ ৰূপ ধাৰণ কৰা কা আন্দোলন আৰু সান্ধ্য আইনৰ বাবে জৰুৰীকালীনভাৱে বাতিল কৰিবলগীয়া হয় সেই ভ্ৰমণ। শীঘ্ৰেই পুনৰ অসম ভ্ৰমণৰ তাৰিখ ঘোষণা কৰা হ’ব বুলিও উল্লেখ কৰা হৈছিল যদিও সেয়া আৰু কেতিয়াও হৈ নুঠিল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে অসমলৈ, বিশেষকৈ গুৱাহাটীলৈ অহাৰ সেই পৰিকল্পনা কেতিয়াও হৈ নুঠিল। উল্লেখ্য যে ২০১৯ চনৰ ১৫ ৰ পৰা ১৭ ডিচেম্বৰলৈ ভাৰত ভ্ৰমণৰ অংশ হিচাপে গুৱাহাটীত এক দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ কথা আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰয়াত প্ৰধানমন্ত্ৰী ছিনঝৌ আবে। পিছে সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপিত হোৱাৰ প্ৰতিবাদে অসমত অগ্নিগৰ্ভা পৰিৱেশৰ সূচনা কৰাৰ প্ৰতি লক্ষ্য ৰাখি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই ভ্ৰমণ তত্কালীনভাৱে বাতিল কৰাৰ কথা ঘোষণা কৰিছিল।

স্মৰ্তব্য যে জাপানৰ প্ৰধানমন্ত্ৰীয়ে অসম ভ্ৰমণ কৰিবলৈ আহিবলগীয়া দিনটোতেই অসমত আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাইছিল দুজনকৈ লোকে। ইয়াৰ পিছতে সেনাবাহিনী নিয়োগ কৰিবলগীয়া হৈছিল পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে।

সেইসময়ত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কৰা এটা টুইট –

উল্লেখ্য যে ভাৰতত চলা অগ্নিগৰ্ভা পৰিস্থিতিৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণ বাতিল কৰাৰ পূৰ্বেও এবাৰ বাংলাদেশৰ বৈদেশিক আৰু গৃহমন্ত্ৰীয়ে ভ্ৰমণ বাতিল কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply