নিউজ ডেস্কঃ ভাৰতত আজি পুৱাই উপস্থিত হ’লহি বন্ধুত্ব ৰাষ্ট্ৰ জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদা। দুদিনীয়া ভ্ৰমণসূচীৰে কিছিদা ভাৰতলৈ আহিছে।

প্ৰধানমন্ত্ৰী হিচাপে দ্বিতীয়টো ভাৰত ভ্ৰমণৰ বাবে নতুন দিল্লীত উপস্থিত হোৱা ফুমিও কিছিদাক ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰকে উষ্ম আদৰণি জনায়।

প্ৰধানমন্ত্ৰী ফুমিও কিছিদা ভাৰত ভ্ৰমণৰ পূৰ্বে ফেচবুক লিখিছিল যে, জাপানৰ জি-৭ ৰ সভাপতিত্ব আৰু ভাৰতৰ জি-২০ সভাপতিত্বত এছিয়াৰ দুয়োখন ৰাষ্ট্ৰয়ে কিদৰে ভূমিকা পালন কৰিব সেই সন্দৰ্ভত মোদীৰ সৈতে বৈঠকত বহিব।

লগতে, কিছিদাই ভাৰতত ভ্ৰমণ কালত ফ্ৰী এণ্ড অপেন ইণ্ডো-পেচিফিক সম্পৰ্কে নতুন পৰিকল্পনাৰ বিষয়ে যোষণা কৰিব বুলি জনাই।

উল্লেখযোগ্য যে, মোদী আৰু কিছিদাৰ বৈঠকৰ পিছতেই বাণিজ্য, বিনিয়োগকে ধৰি ৰাষ্ট্ৰ দুখনৰ দ্বিপাক্ষিক চুক্তিৰ সম্প্ৰসাৰণ কৰাৰ সম্ভাৱনা আছে।

লগতে পঢ়ক – শ্ৰেষ্ঠ চলচ্চিত্ৰ (জুৰী) বঁটা “মেড ইন নলবাৰী” লৈ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply