নিউজ ডেস্ক : জাপানৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী ফুমিও কিছিদাই দেশখনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে, শাসনাধিষ্ঠ লিবাৰেল ডেমক্ৰেটিক পাৰ্টিৰ নেতৃত্বৰ বাবে অনুষ্ঠিত নিৰ্বাচনত জয়লাভ কৰাৰ পিছতে তেওঁ প্ৰধানন্ত্ৰীৰ বাবে নিৰ্বাচিত হয়।
দলৰ বিদায়ী প্ৰধান মন্ত্ৰী য়োশিহিদে চুগাৰ স্থানত কিছিদা দেশখনৰ পৰৱৰ্তী প্ৰধান মন্ত্ৰী হিচাপে অধিষ্ঠিত হ’ব।
য়োশিহিদে চুগাই বিগত বৰ্ষৰ ছেপ্টেম্বৰত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত মাত্ৰ এবছৰ কাৰ্যনিৰ্বাহ কৰি প্ৰধানমন্ত্ৰী পদ ইস্তফা দিয়ে।
জানিব পৰা মতে অহা সোমবাৰে লিবাৰেল ডেমক্ৰেটিক পাৰ্টিৰ নতুন নেতা হিচাপে কিছিদা সংসদত পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাটো নিশ্চিত।
নিৰ্বাচনৰ প্ৰথম ৰাউণ্ডত দুগৰাকী মহিলা প্ৰাৰ্থী ছানে তাকাইচি আৰু চেইকো নোডাতকৈ আগবাঢ়ি যোৱাৰ পিছত কিছিদাই টিকাকৰণ মন্ত্ৰী তাৰো কোন’ক পৰাস্ত কৰিছিল।
লগতে পঢ়ক : ইম্ফল বিমাণবন্দৰত মলদ্বাৰৰ ভিতৰত ৪২ লাখ টকা সোণসহ এজনক আটক