নিউজ ডেস্ক: শুকুৰবাৰে ভাৰত আৰু ইংলেণ্ডৰ বিৰুদ্ধে ৫খন মেচৰ টেষ্ট ছিৰিজৰ অন্তিমখন খেল অনুষ্ঠিত হ’ব। দুয়োটা দলৰ বাবে এই খেলখন নিৰ্ণায়ক হ’বলৈ গৈ আছে। কিন্তু উক্ত খেলৰ পূৰ্বে ভাৰতীয় দলটোৰ অধিনায়ক ৰোহিত শৰ্মাৰ ক’ভিডত আক্ৰান্ত হোৱাত তেওঁৰ ঠাইত এতিয়া দ্ৰুতবেগী বলাৰ যশপ্ৰীত বুমৰাহক দলৰ নেতৃত্ব অৰ্পন কৰা হয়।

আনহাতে ঋষভ পণ্টক উক্ত খেলখনৰ বাবে দলটোৰ উপ-অধিনায়ক পতা হৈছে। সৰ্বভাৰতীয় জ্যেষ্ঠ নিৰ্বাচন কমিটিয়ে এই ঘোষণা কৰে।

বি চি চি আইয়ে জনোৱা মতে Leicestershire-ৰ বিৰুদ্ধে চলি থকা ৱাৰ্ম-আপ ফিক্সাৰ গে’মত ক’ভিড পজিটিভ ধৰা পৰা ৰোহিত শৰ্মা এতিয়াও সুস্থ হৈ উঠা নাই।

উল্লেখযোগ্য যে ১৯৮৭ চনত কপিল দেবে টেষ্ট ক্ৰিকেটত ভাৰতক নেতৃত্ব দিয়াৰ পিছত ভাৰতীয় দলটোক নেতৃত্ব দিয়াৰ সুযোগ পোৱা লাভ কৰা বুমৰাহ হৈছে প্ৰথম গৰাকী পে’চ বলাৰ। চলিত বৰ্ষৰ আৰম্ভণিত বুমৰাহক দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত সীমিত অভাৰৰ ছিৰিজত উপ-অধিনায়কৰ দায়িত্ব অৰ্পন কৰা হৈছিল।

২০১৮ চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে ভাৰতৰ হৈ খেলা যশপ্ৰীত বুমৰাহে এই পৰ্যন্ত তেওঁৰ কেৰিয়াৰত ২৯খন টেষ্ট মেচ খেলি ১২৩ উইকেট লাভ কৰিছে। যোৱা বছৰ ইংলেণ্ড ভ্ৰমণ কালত তেওঁ ভাৰতৰ শ্ৰেষ্ঠ বলাৰ আছিল, সেইবাৰ ভাৰতৰ হৈ তেওঁ চাৰিখন মেচত ১৮ টা উইকেট দখল কৰিছিল।

লগতে পঢ়ক – খুমটাইত কাৰ্গিল শ্বহীদ কেপ্টেইন জিন্টু গগৈৰ ২৩ সংখ্যক মৃত্যু দিৱস

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply