নিউজ ডেস্কঃ ভাৰতীয় জোৱানৰ কামক লৈ পুনৰ গৌৰৱাম্বিত হৈছে দেশবাসী। কিয়নো এক দুৰ্গম এলেকাৰ পৰা সাঙীত দাঙি ভাৰতীয় জোৱান কেইজনমানে এগৰাকী সন্তানসম্ভৱা মহিলাক লৈ গৈছে চিকিৎসালয়লৈ।

দৰাচলতে এই ঘটনা সংঘটিত হৈছে ছত্তীশগড়ত। ৰাজ্যখনৰ দাণ্ডেৱাড়াৰ এক অতি দুৰ্গম আৰু মাওবাদীৰ প্ৰায়ে আক্ৰমণ সংঘটিত হৈছে থকা এলেকাটোত ডিষ্ট্ৰিক ৰিজাৰ্ভ গাৰ্ড ফোৰ্চৰ কেইজনমান জোৱানে এখন হাতত বন্দুক ধৰি আৰু কান্ধত সাঙীত দাঙি এগৰাকী মহিলাক লৈ গৈছে হাস্পতাললৈ।

এই সমগ্ৰ ঘটনাৰ এটা ভিডিঅ’ও ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’টো যিসকলে চাইছে সকলোৱে জোৱান কেইগৰাকীৰ এই কাৰ্যক প্ৰশংসা কৰিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ভাৰতীয় জোৱানসকলে এই এলেকাটোত বাস কৰা লোকসকলক প্ৰায়ে এনেধৰণৰ সহায় কৰি আহিছে।

জানিব পৰা মতে, মাওবাদীয়ে ৰেৱালী গাঁৱৰ মুখ্য পথটোৰ বিভিন্ন অংশ নষ্ট কৰি দিছিল। যাৰ ফলত এম্বুলেন্স গাঁওখনলৈ যোৱাত বিফল হৈছিল। আৰু তাৰপাছত এই সন্তানসম্ভৱা মহিলা গৰাকীক এনে দুৰ্গম এলেকাৰ পৰা সাঙীত দাঙি নিয়াতো সঁচা অৰ্থত সাহসিকতা আৰু প্ৰশংসনীয়। প্ৰায় ৩ কিলোমিটাৰ পথ এনেদৰে ভাৰতীয় জোৱানে মহিলাগৰাকীক সাঙীত দাঙি নি অৱশেষত হাস্পতালত ভৰ্তি কৰায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply