নিউজ ডেস্কঃ ঘোষণা কৰা হ’ল JEE (মেইন)ৰ পৰীক্ষাৰ তাৰিখ। ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা অৰ্থাৎ নেশ্যনেল টেষ্টিং এজেন্সীয়ে মঙলবাৰে জে ই ই (মেইন) ২০২২ পৰীক্ষাৰ সূচী ঘোষণা কৰিছে। জানিব পৰা মতে, দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব এই পৰীক্ষা।
jeemain.nta.nic.in ৱেবছাইটত এই বিষয়ে ঘোষণা কৰা হৈছে। উল্লেখ্য যে, এই পৰীক্ষা দুটা পৰ্যায়ত ক্ৰমে এপ্ৰিল আৰু মে’ মাহত অনুষ্ঠিত হ’ব। প্ৰথম পৰ্যায়ত ১৬ৰ পৰা ২১ এপ্ৰিললৈ আৰু দ্বিতীয়টো পৰ্যায়ত ২৪ মে’ৰ পৰা ২৯ মে’লৈ অনুষ্ঠিত হ’ব JEE (মেইন) পৰীক্ষা।
এই পৰীক্ষাৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হ’ব ১ মাৰ্চৰ পৰা। মন কৰিব লগীয়া যে, প্ৰথম পৰ্যায়ৰ পৰীক্ষাৰ বাবে আৱেদন প-পত্ৰ পূৰণ কৰাৰ অন্তিম তাৰিখ হৈছে ৩১ মাৰ্চ।