নিউজ ডেস্ক : বলীউডৰ দুই চেলিব্ৰিটী এতিয়া চৰ্চাত। দুয়ো চৰ্চালৈ আহিছে নিজৰ অভিনয় অথবা নৃত্য-গীতৰ বাবে নহয়। চৰ্চালৈ আহিছে দুয়োকে ইডিয়ে চমন জাৰি কৰাক লৈ। এই দুই গৰাকী চেলিব্ৰিটী হৈছে জেকলিন ফাৰ্ণাণ্ডেজ আৰু ন’ৰা ফাতেহী।
জেকলিন ফাৰ্ণাণ্ডেজ আৰু ন’ৰা ফাতেহী নিজৰ অভিনয়, নৃত্য আৰু সৌন্দৰ্য়ৰ বাবে সদায় চৰ্চাত থাকে। কিন্তু এই দুই বলীউড চেলিব্ৰিটী আন এক প্ৰসংগত এইবাৰ চৰ্চালৈ আহিছে। বৃহস্পতিবাৰে পুৱা ইডিৰ কাৰ্য়ালয়ত সোধা পোচা কৰা হ’ল ন’ৰা ফাতেহীক, আনহাতে জেকলিন ফাৰ্ণাণ্ডেজক নিৰ্দেশ দিয়া হৈছে শুকুৰবাৰে উপস্থিত হ’বলৈ।
এই দুয়ো গৰাকী বলীউডৰ বিদেশী অভিনেত্ৰীত কিয় চমন জাৰি কৰা হ’ল। বৰ্তমান জেলত থকা সুকেশ চন্দ্ৰশেখৰ নামৰ এজন ব্যক্তিৰ বাবেই দুয়োকে চমন দিছে ইডিয়ে। এই গৰাকী ব্যক্তি ২০০ কোটি টকা ধন আত্মসাত কৰা গোচৰত জেলত বন্দী। তেওঁ কিয় নাম ল’লে দুয়ো বলীউড চেলিব্ৰেটীৰ।
লগতে পঢ়ক : ৰাজ্যত পুনৰ বৃদ্ধি পাইছে ক’ভিড আক্রান্তৰ সংখ্যা
ন’ৰ ফতেহিয়ে ইডিৰ সন্মুখত কি জনালে এতিয়াও মুকলী হোৱা নাই। ইফালে জেকলিন ফাৰ্ণাণ্ডেজে কি কয় সিও এতিয়া চৰ্চাত।দিল্লী আৰক্ষীয়ে ঠগ, প্ৰবঞ্চনা, অপৰাধমূলক গোচৰৰ বাবে গ্ৰেপ্তাৰ কৰিছিল সুকেশ চন্দ্ৰশেখৰক।