নিউজ ডেস্কঃ এক ভয়ংকৰ দৃশ্য। এক পথ দুৰ্ঘটনাত থিতাতে ৫জন লোকে হেৰুৱালে প্ৰাণ আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আন ৪জন লোক। দৰাচলতে, এই দুৰ্ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডত। ৰাজ্যখনৰ ৰামগড়ৰ ৩৩নং ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে ৰাঞ্চীৰ ফালৰ পৰা অহা এখন ট্ৰেইলাৰ নিয়ন্ত্ৰণহীন হৈ মহতীয়াই লৈ যায় দুখন বাই, এখন বলেন’, এখন ছুইফ্ট। এই সমগ্ৰ ঘটনাৰ এটা ভিডিঅ’ও ইতিমধ্যে ভাইৰেল হৈ পৰিছে।

দুৰ্ঘটনাৰ খবৰ পোৱাৰ পাছতে উক্ত স্থান উপস্থিত হয় আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী। দুৰ্ঘটনাত পতিত হোৱাৰ পাছতে ট্ৰেইলাৰখনত অগ্নিকাণ্ড সংঘটিত হয়। সময়মতে অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হোৱাৰ পাছত আৰু অধিক পৰিস্থিতি বেয়া হোৱাৰ পৰা ৰক্ষা পৰে। কিয়নো দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ সমীপতে আছে এটা পেট্ৰ’ল পাম্প।

ইফালে, এগৰাকী আৰক্ষী বিষয়াই এই সন্দৰ্ভত সাংবাদিকৰ আগত কয়- দুৰ্ঘটনাত আহত লোক কেইজনৰ ভিতৰত এজনৰ অৱস্থা অতি সংকটজনক। তেওঁক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply