নিউজ ডেস্কঃ ৰ’পৱেৰ দুটা ট্ৰ’লীৰ মাজত খুন্দা খোৱাৰ ফলত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। ঝাৰখণ্ডৰ দেৱঘৰৰ ত্ৰিকুটৰ পাহাৰীয়া এলেকাত দেওবাৰে ৰ’পৱেৰ দুটা ট্ৰলী খুন্দা খোৱাৰ ফলত এই ঘটনা সংঘটিত হৈছে। এই ঘটনাত প্ৰায় দুজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

ইফালে, দেওবাৰৰ পৰা সোমবাৰৰ দিনৰ ১২ বজালৈকে এই কেবিন কেইটাত প্ৰায় ৪৮ গৰাকী আৱদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে। এই লোকসকলক উদ্ধাৰ কৰাৰ বাবে বৰ্তমানেও অব্যাহত আছে উদ্ধাৰ অভিযান। ইফালে, যিসকল লোক আহত হৈছে তেওঁলোকক স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি জিয়া উপায়ুক্তই জানিবলৈ দিয়ে।
ইফালে, আৰক্ষীয়ে এই ঘটনা যান্ত্ৰিক বিজুতিৰ ফলতে সংঘটিত হোৱা বুলি সন্দেহ কৰিছে। আনহাতে, সোমবাৰৰ পুৱাৰে পৰা ভাৰতীয় বায়ু সেনাৰ হেলিকপ্টাৰযোগেও উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছে। পিটিআইৰ খবৰ অনুসৰি, এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত ৰ’পৱেৰ প্ৰবন্ধক আৰু আন কৰ্মচাৰীসকলে পলায়ন কৰিছে।
