নিউজ ডেস্ক: এগৰাকী মহিলা আৰক্ষী বিষয়াক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা গুজৰাটৰ দলিত নেতা তথা বিধায়ক জিগনেশ মেৱানীক জামিন মঞ্জুৰ কৰে বৰপেটা জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতে।
শুকুৰবাৰে এহেজাৰ টকাৰ আমানতত বৰপেটা জিলাৰ সত্ৰ ন্যায়াধীশ পৰেশ চক্ৰবৰ্তীয়ে মেৱানীৰ বিৰুদ্ধে বৰপেটা ৰ’ড আৰক্ষী থানাত গোচৰত জামিন মঞ্জুৰ কৰে।
উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ কৰা টুইটৰ বাবে অসম আৰক্ষীয়ে গুজৰাটৰ পালানপুৰ চহৰৰ পৰা গ্ৰেপ্তাৰ কৰা মেৱানীক কোকৰাঝাৰ আৰক্ষী থানাত ৰুজু হৈ থকা আন এটা গোচৰৰ পৰা জামিন মঞ্জুৰ হোৱাৰ কিছু সময় পিছতে সোমবাৰে অসম আৰক্ষীয়ে তেওঁক নতুনকৈ উক্ত গোচৰত গ্ৰেপ্তাৰ কৰিছিল।
অভিযোগ অনুসৰি গুৱাহাটী বিমানবন্দৰৰ পৰা কোকৰাঝাৰলৈ নি থকা অৱস্থাত জিগনেশ মেৱানীয়ে মহিলা আৰক্ষী বিষয়া গৰাকীক দুৰ্ব্যৱহাৰ কৰিছিল।
লগতে পঢ়ক – লখিমপুৰৰ নকাৰী ৰঙালী বিহু সন্মিলনৰ সোনালী জয়ন্তী বৰ্ষৰ অনুষ্ঠানত ‘টীম বেহাৰবাৰী’