নিউজ ডেস্কঃ ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজৰ ৪৪সংখ্যক বাৰ্ষিক সাধাৰণ সভাত অধ্যক্ষ মুকেশ আম্বানীয়ে গুগলৰ সৈতে মিলি জিঅ’ৰ নতুন ৫জি ‘জিঅ’ ফোন নেক্সট’ ফোন মুকলি কৰাৰ কথা ঘোষণা কৰে।

এই ফোনটোৱে বিশ্বৰ আটাইতকৈ সস্তীয়া স্মাৰ্টফোন বুলি মুকেশ আম্বানীয়ে উল্লেখ কৰে।

গুগলৰ সৈতে মিলি নিৰ্মাণ কৰা হৈছে এই ফোন। গুগলৰ সৈতে যুটীয়াভাবে মিলি নিৰ্মাণ কৰা এই ম’বাইল সস্তা আৰু ভাল ইন্টাৰনেট স্পীড পাব বুলি দাবী গুগলৰ চিইঅ’ সুন্দৰ পিচাইৰ।

কোম্পানীৰ এই সস্তা স্মাৰ্টফোন গণেশ চতুৰ্থীৰ দিনা অৰ্থাৎ ১০ ছেপ্টেম্বৰত বজাৰত উপলব্ধ হ’ব।

দেশৰ ৩০কোটি লোকে আৰ্থিক অভাৱৰ বাবে স্মাৰ্টফোন ক্ৰয় কৰিব নোৱাৰে । এই সকল লোকৰ বাবে ‘‘জিঅ’ ফোন নেক্সট’’ বিকল্প উপায় হ’ব বুলি আশা কৰা হৈছে। এই স্মাৰ্টফোনটোত কেমেৰা আৰু এণ্ড্ৰইড আপডেটো থাকিব।

আৰু পঢ়কঃশ্ব’হমৰ স্বত্বাধিকাৰী সন্দীপ জালান উত্তৰ প্ৰদেশৰ বাৰাণসীলৈ কিয় গ’ল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply