নিউজ ডেস্কঃ জম্মু-কাশ্মীৰত ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই নৈত পৰিল সেনা জোৱানৰ বাছ। ঘটনাটো মঙলবাৰে পুৱা সংঘটিত হৈছিল। বাছখনত আছিল ৩৯ গৰাকী নিৰাপত্তাৰক্ষী। তেওঁলোকৰ ভিতৰত ৩৭ জন হৈছে আইটিবিপি জোৱান আৰু বাকী দুজন জম্মু-কাশ্মীৰ আৰক্ষীত কৰ্মৰত।

জম্মু-কাশ্মীৰৰ পহেলগামৰ ফ্ৰিছলানত নিয়ন্ত্ৰণ হেৰুৱাই বাছখন ৰাস্তাৰ কাষৰ এখন নদীত বাগৰি পৰে। প্ৰাথমিক তথ্য অনুসৰি, ব্ৰেক ফেইল হোৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হৈছিল। কাশ্মীৰ আৰক্ষীয়ে জনোৱা অনুসৰি, দুৰ্ঘটনাটোত আইটিবিপিৰ ছয়জন জোৱান নিহত হয়। বাছখনত থকা বাকী সৈনিকসকলো কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হৈছিল। তেওঁলোকক বিমানেৰে শ্ৰীনগৰত থকা সেনাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আহত জোৱানসকল ৰ্বতমান চিকিৎসাধীন হৈ আছে।

জানিব পৰা মতে, জোৱানসকল অমৰনাথত কৰ্তব্যৰত আছিল। অমৰনাথৰ পৰা জোৱানসকল চন্দনৱাৰীৰ পৰা পহেলগামলৈ উভতি অহাৰ সময়তে বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই পহেলগামৰ ফ্ৰিছলানত ৰাস্তাৰ কাষৰ নদীত বাগৰি পৰে।

গৃহমন্ত্ৰী অমিত শ্বাহে বাছ দুৰ্ঘটনাত সৈনিকসকলৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। তেওঁ লিখিছে, “পহেলগামত আইটিপি আৰু আৰক্ষী কঢ়িয়াই অনা এখন বাছ দুৰ্ঘটনাত পতিত হৈছে। মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো। আঘাতপ্ৰাপ্ত সৈনিকসকলৰো আশু আৰোগ্য কামনা কৰিছো। “

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply