নিউজ ডেস্কঃ জম্ম-কাশ্মীৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। বৃহস্পতিবাৰে সন্ত্ৰাসবাদীয়ে কুলগামত এগৰাকী ব্যক্তিক গুলীয়াই হত্যা কৰে। জানিব পৰা মতে, মৃত ব্যক্তি গৰাকী বেংকৰ প্ৰবন্ধক আৰু তেওঁ ৰাজস্থানৰ হনুমানগড়ৰ নিবাসী।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, কুলগাম জিলাৰ অৰেহ মোহনপৌৰাস্থিত এটা বেংকত সন্ত্ৰাসবাদীয়ে প্ৰৱেশ কৰি বেংক প্ৰবন্ধকৰ গুলীয়াই হত্যা কৰে। এই গুলীচালনাত গুৰুতৰভাৱে আহত প্ৰবন্ধক গৰাকীৰ অৱশেষত মৃত্যু হয়।
ঘটনা সংঘটিত হোৱাৰ পাছতে উপস্থিত হয় স্থানীয় আৰক্ষী। আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। ইফালে, ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে এই ঘটনাক টুইট কৰিছে।
ৰাজস্থানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটাৰত লিখিছে- ”জম্মু-কাশ্মীৰৰ কুলগামত কৰ্মৰত ৰাজস্থানৰ নিবাসী বিজয় কুমাৰক সন্ত্ৰাসবাদীয়ে হত্যা কৰা ঘটনা অতি নিন্দনীয়। তেওঁৰ আত্মাৰ চিৰশান্তিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো আৰু লগতে তেওঁৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰিছো।”
উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৭ মে’, ২০২২ তাৰিখেও এনে এক ঘটনা সংঘটিত হৈছিল। য’ত সন্ত্ৰাসবাদীয়ে এগৰাকী আৰক্ষীক গুলীয়াইছিল।