নিউজ ডেস্কঃ জম্মু-কাশ্মীৰৰ উধমপুৰৰ স্লাথিয়া চ’কত বোমা বিস্ফোৰণ।
এখন পাচলিৰ দোকানত বুধবাৰে ১২বাজি ৩০মিনিটত সংঘটিত হয় বিস্ফোৰণটো।
বিস্ফোৰণত মৃত্যু হয় এজন আৰু গুৰুতৰভাৱে আহত হয় ১৪জনকৈ লোক।
আহত লোকসকলক ততাতৈয়াকৈ উধমপুৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
লগতে পঢ়কঃমিজোৰামত ৮ কোটি টকাতকৈ অধিক মূল্যৰ হেৰোইন জব্দ
মন্ত্ৰী জিতেন্দ্ৰ সিঙে আৰক্ষী আৰু প্ৰশাসনক ঘটনাটোৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে। ইয়াৰ উপৰিও, আটাইকেইজন আহতক প্ৰয়োজনীয় চিকিৎসা সুবিধা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে। অৱশ্যে বিস্ফোৰণৰ প্ৰকৃত কাৰণ সন্দৰ্ভত তদন্ত অব্যাহত আছে।