নিউজ ডেস্ক: দেশৰ আগশাৰীৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান জৱাহাৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য্য নিযুক্তিৰ পিছতে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উপাচাৰ্য্য শান্তিশ্ৰী ধুলিপুড়ি পণ্ডিতৰ বিৰুদ্ধে সামাজিক মাধ্যমৰ জৰিয়তে বিভিন্ন সময়ত সাম্প্ৰদায়িক আৰু ঘৃণাসূচক মন্তব্য কৰাৰ অভিযোগ উঠিছে।
অভিযোগ অনুসৰি পণ্ডিতৰ নামত থকা এটা টুইটাৰ একাউণ্টৰ একাংশ পুৰণি টুইটৰ স্ক্ৰিনশ্বট ভাইৰেল হৈ পৰাৰ পিছতে টুইটাৰ একাউণ্টটো ডিলিট কৰি দিয়া হয়। উক্ত টুইটসমূহত উপাচাৰ্য্য গৰাকীয়ে মুছলিম বিদ্বেষী, জৱাহাৰলাল নেহৰু বিশ্ববিদ্যালয় JNU-ৰ বিৰুদ্ধে ‘জেহাদীৰ কাৰখানা’ আদি শব্দ প্ৰয়োগ কৰাৰ অভিযোগ উঠিছে।
আনহাতে সোমবাৰে JNU-ৰ উপাচাৰ্য্যৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত পণ্ডিতে প্ৰধান মন্ত্ৰী আৰু উচ্চ শিক্ষাৰ মন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰি দিয়া এখন প্ৰেছ বিজ্ঞপ্তিক কেন্দ্ৰ কৰি যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা প্ৰেছ বিজ্ঞপ্তিটোত বহুকেইটা ব্যাকৰণৰ ভুল আছে বুলি বিভিন্নজনে মন্তব্য কৰে। খোদ বিজেপি সাংসদ বৰুণ গান্ধীয়ে তেওঁৰ টুইটাৰত প্ৰেছ বিজ্ঞপ্তিখন শ্বেয়াৰ কৰি ইয়াক ‘নিৰক্ষৰতাৰ প্ৰদৰ্শন’ বুলি অভিহিত কৰে।
‘এনে মধ্যম মেধাৰ (mediocre) নিযুক্তিয়ে আমাৰ মানৱ সম্পদ আৰু যুৱ প্ৰজন্মৰ ভৱিষ্যত ধ্বংস কৰাৰ কাম কৰে,’ তেওঁ কয়।
উল্লেখযোগ্য যে JNU-ৰ প্ৰাক্তন উপাচাৰ্য্য এম জগদীশ কুমাৰক যোৱা সপ্তাহত বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষৰ দায়িত্ব অৰ্পন কৰাৰ পিছত সোমবাৰে শান্তিশ্ৰী ধুলিপুড়ি পণ্ডিতক বিশ্ববিদ্যালয়খনৰ নতুন উপাচাৰ্য্য হিচাপে নিয়োগ কৰা হয়।
জৱাহাৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰথম গৰাকী মহিলা উপাচাৰ্য্য শান্তিশ্ৰী ধুলিপুড়ি পণ্ডিতJNU-ৰ প্ৰাক্তন শিক্ষাৰ্থী হোৱাৰ লগতে বিশ্ববিদ্যালয়খনৰ পৰা এম ফিল আৰু International Relations-ত পি এইচ ডি অৰ্জন কৰিছিল।
লগতে পঢ়ক – শিলাবৃষ্টিত ক্ষতিগ্ৰস্ত লোকক সহায়-সহযোগিতা প্ৰদানৰ আশ্বাস কৃষি মন্ত্ৰীৰ