নিউজ ডেস্কঃ জনছন এণ্ড জনছনে বেবী পাউদাৰৰ বিক্ৰী বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। ২০২৩ চনৰ পৰা বেবী পাউদাৰ বিক্ৰী বন্ধ কৰিব কোম্পানীটোৱে। বেবী পাউদাৰ কোম্পানীটোৰ সকলোতকৈ বেছি বিক্ৰী হোৱা সামগ্ৰী আছিল। জনছন এণ্ড জনছনে আমেৰিকা আৰু কানাডাৰ বজাৰত ২০২০ চনৰ পৰাই এই টেলকাম বেবী পাউডাৰ বিক্ৰী বন্ধ কৰিছে। বৰ্তমান, এই কোম্পানীটোৰ বিৰুদ্ধে ৩৮ হাজাৰৰো অধিক গোচৰ চলি আছে। দৰাচলতে, বহু মহিলাই দাবী কৰিছিল যে কেঁচুৱাৰ টেলকাম পাউডাৰ ব্যৱহাৰ কৰাৰ পিছত তেওঁলোকৰ ডিম্বাশয়ৰ কৰ্কট ৰোগ হৈছিল।
কোম্পানীৰ বেবী পাউডাৰত ব্যৱহৃত টেলকাম (টাল্ক) হৈছে পৃথিৱীৰ আটাইতকৈ কোমল খনিজ, যি পৃথিৱীৰ বহু দেশত তৈয়াৰ কৰা হয়। ইয়াৰ বহুকেইখন দেশতে এই পাউদাৰ প্ৰস্তুত কৰা হয়। কাগজ, প্লাষ্টিক আৰু ফাৰ্মাচিউটিকেলকে ধৰি বহু উদ্যোগত ই যথেষ্ট ব্যৱহাৰ হয়। এই পাউডাৰটো নেপি চোকোৰা আৰু অন্যান্য প্ৰকাৰৰ ব্যক্তিগত পৰিচ্ছন্নতাত ব্যৱহাৰ কৰা হয়। অৱশ্যে, ইয়াত বহুবাৰ এচবেষ্টছ থাকে, যাৰ ফলত শৰীৰত কৰ্কট ৰোগ হ’ব পাৰে।