নিউজ ডেস্কঃ চাৰিদিন পাৰ হৈ গ’ল আজিও সন্ধান নাই ব্ৰিটিছ সাংবাদিক ডম ফিলিপছ আৰু তেওঁৰ বন্ধু ব্ৰুনো পেৰেৰাৰ৷ প্ৰশ্ন হৈছে সকলোৰে মনত তেওঁলোক প্ৰকৃততে জীয়াই আছেনে?

ব্ৰিটিছ সাংবাদিক ডম ফিলিপছ (৫৬) আৰু তেওঁৰ বন্ধু ব্ৰাজিলৰ ব্ৰুনো পেৰেৰা (৪১) দেওবাৰৰ পৰা আমাজনৰ গভীৰ জংঘলত সন্ধানহীন হৈ আছে। পেৰুৰ সীমান্তৱৰ্তী ব্ৰাজিলৰ জেভিয়াৰ উপত্যকাৰ এখন নদীলৈ নাও লৈ গৈছিল দুয়ো। তাৰ পিছতে সন্ধানহীন হৈ পৰে ডম ফিলিপছ আৰু তেওঁৰ বন্ধু ব্ৰুনো। ডম ফিলিপছ যদিও এজন ব্ৰিটিছ নাগৰিক, তেওঁ বহুদিনৰ পৰা ব্ৰাজিলৰ ছালভাডৰ চহৰত বাস কৰি আছে। ১৫ বছৰতকৈ অধিক সময় ধৰি দ্য গাৰ্ডিয়ান, নিউয়ৰ্ক টাইমছ, ফাইনেন্সিয়েল টাইমছ আৰু ৱাশ্বিংটন পোষ্টকে ধৰি কেইবাখনো বাতৰি কাকতত ব্ৰাজিলৰ বিষয়ে বাতৰি পৰিৱেশন কৰি আহিছে।

৫৭ বছৰীয়া ডম ফিলিপছ আৰু ব্ৰুনো পেৰেইৰাই আমাজনৰ দুৰ্গম অঞ্চলৰ জনজাতি সকলৰ ওপৰত গৱেষণা কৰি আছে। আমাজনৰ এই ঘন অৰণ্যত কমেও ২৬টা জনগোষ্ঠীয়ে বাস কৰে। ইয়াৰে ১৯টা সম্প্ৰদায়ৰ বৰ্হিজগতৰ সৈতে কোনো ধৰণৰ যোগাযোগ নাই। চোৰাং কাঠ, চোৰাং চিকাৰী, বিশেষকৈ ড্ৰাগছ সৰবৰাহকাৰীৰ আশ্ৰয়স্থল এই অঞ্চল। ডম ফিলিপছ আৰু ব্ৰুনো পেৰেইৰাই এই ঠাইখনত এলিচিয়া পেটাৰছন ফাউণ্ডেশ্যনৰ সহযোগত পৰিৱেশ সম্পৰ্কীয় এখন কিতাপৰ কাম কৰি আছে।

ডম ফিলিপছৰ পৰিয়ালৰ লোকে জনোৱা অনুসৰি যোৱা সপ্তাহত ফিলিপছ আৰু পেৰেৰালৈ ভাবুকি ভৰা ফোন কল আহিছিল, য’ত তেওঁলোকক অঞ্চলটোত প্ৰৱেশ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। অঞ্চলটোৰ কোনো দুৰ্বৃত্তই দুয়োকে অপহৰণ বা হত্যা কৰাৰ আশংকা কৰিছে পৰিয়ালৰ লোকে।

ডম ফিলিপছ আৰু ব্ৰুনো পেৰেৰাক অতি শীৰ্ঘ্ৰে উদ্ধাৰ কৰিবলৈ ব্ৰাজিল চৰকাৰক আহ্বান জনাইছে পৰিয়ালৰ লোকে। ফিলিপছৰ পত্নী এলেছান্দ্ৰা ছাম্পিঅ’ই এটা ভিডিঅ’যোগে চৰকাৰলৈ আহ্বান জনাই কয় যে, ‘তেওঁলোকক তৎক্ষণাত উদ্ধাৰ কৰক। এতিয়াও আশা কৰি আছো তেওঁলোকক পুনৰ ঘূৰাই পাম।’

ব্ৰাজিলৰ প্ৰশাসনেও এই ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। অৱশ্যে এই ঘটনাৰ বাবে ৰাষ্ট্ৰপতি জেইৰ মেছিয়াছ বলছ’নাৰোৱে ডম ফিলিপছকে দোষাৰোপ কৰিছে। কাৰণ ইমান দূৰ্গম অঞ্চলত দুজন লোক অকলে নাৱেৰে যোৱাটো নিৰাপদ নাছিল বুলিও তেওঁ উল্লেখ কৰে। লগতে ৰাষ্ট্ৰপতি গৰাকীয়ে কয় যে তেওঁলোক হয়তো দুৰ্ঘটনাত পতিত হৈছে নহ’লে কোনোবাই তেওঁলোকক হত্যা কৰিছে।

ব্ৰাজিলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে জনোৱা মতে, ডম ফিলিপছ আৰু ব্ৰুনো পেৰেৰাৰ সন্ধানত ১৫০ জন বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত সৈন্য মোতায়েন কৰা হৈছে লগতে তেওঁলোকৰ সন্ধান চলাবলৈ আৰু দুখন হেলিকপ্টাৰ প্ৰেৰণ কৰা হ’ব বুলিও উল্লেখ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply