নিউজ ডেস্ক : বিশিষ্ট সাংবাদিক বিনোদ ডুৱাৰ দেসাৱসান ঘটিছে। দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থকা জ্যেষ্ঠ সাংবাদিকজনৰ আজি দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃ্ত্যু হয়।

সাংবাদিক গৰাকীৰ জীয়াৰী মাল্লিকা ডুৱায়ে ইনস্টাগ্ৰামত দিয়া এটা প’ষ্টত তেওঁৰ মৃত্যুৰ খবৰ ৰাজহুৱা কৰে। ৫ ডিচেম্বৰত দিল্লীৰ লোধি শ্মশান তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব বুলি মাল্লিকা ডুৱায়ে লগতে জানিবলৈ দিয়ে।

দূৰদৰ্শন, NDTV আদি ৰাষ্ট্ৰীয় টিভি চেনেলৰ উপৰি কেইবাটাও আগশাৰীৰ টিভি চেনেল আৰু অনলাইন পৰ্টেলত তেওঁ সাংবাদিকতা আগবঢ়াইছিল।

উল্লেখযোগ্য যে চলিত বৰ্ষৰ আৰম্ভণিতে বিনোদ ডুৱা আৰু তেওঁৰ পত্নী চিন্না ডুৱা ক’ভিডত আক্ৰান্ত হৈছিল। দুয়োকে গুৰুগ্ৰাম হস্পিটালত ভৰ্তি কৰোৱা হৈছিল। পিছত যোৱা জুনত চিন্না ডুৱাই ক’ভিডৰ ফলত মৃত্যুক সাবটিব লগীয়া হয়।

লগতে পঢ়ক : টীয়কত দুচকীয়া বাহনৰ হেলমেট নিপিন্ধা লোকক জৰিমনা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply