নিউজ ডেস্ক : ফিলিপিনছৰ সাংবাদিক মাৰিয়া ৰেছা আৰু ৰাছিয়াৰ দিমিত্ৰী মুৰাটভলৈ আগবঢ়োৱা হৈছে ২০২১ বৰ্ষৰ শান্তিৰ ন’বেল বঁটা। শুকুৰবাৰে ন’বেল কমিটিয়ে তেওঁলোকৰ নাম ঘোষণা কৰে।

দুয়োকে ‘গণতন্ত্ৰ আৰু স্থায়ী শান্তিৰ অন্যতম পূৰ্ব চৰ্ত – মত প্ৰকাশৰ স্বাধীনতাক সুৰক্ষিত কৰি ৰখাৰ বাবে আগবঢ়োৱা প্ৰচেষ্টাৰ বাবে’ এই বৰ্ষৰ শান্তিৰ ন’বেল বঁটা আগবঠোৱা হয় বুলি ন’বেল কমিটিৰ অধ্যক্ষা বেৰিট ৰেইছ এণ্ডাকছেনে কয়।

ফিলিপিনছৰ সাংবাদিক মাৰিয়া ৰেছা অনুসন্ধানমূলক সাংবাদিকতাক গুৰুত্ব দিয়া ডিজিটেল মিডিয়া প্ৰতিষ্ঠান ৰেপলাৰৰ সহ-প্ৰতিষ্ঠাপক। ২০১২ চনত আৰম্ভ কৰা উক্ত সংবাদ প্ৰতিষ্ঠানটোৰ ৰেছা বৰ্তমান মুৰব্বী দায়িত্বত আছে।

আনহাতে ন’বেল বঁটা লাভ কৰা ৰাছিয়াৰ দিমিত্ৰী মুৰাটভ ১৯৯৩ চনত আৰম্ভ হোৱা দেশখনৰ স্বতন্ত্ৰ বাতৰি কাকত নোভায়া গাজেটাৰ অন্যতম প্ৰতিষ্ঠাপক। বৰ্তমান তেওঁ কাকতখনৰ মুখ্য সম্পাদক।

‘তেওঁলোক প্ৰতিজন সাংবাদিকৰ প্ৰতিনিধি যিয়ে বিশ্বত গণতন্ত্ৰ আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ক্ৰমান্বয়ে প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সময়তো মত প্ৰকাশৰ স্বতন্ত্ৰতাৰ পক্ষত থিয় দিয়ে,’ এণ্ডাৰচনে কয়।

লগতে পঢ়ক : কাৰ্বি আংলংঙত কংগ্ৰেছৰ গৰাখহনীয়া; দুই শতাধিক কৰ্মী-সমৰ্থকৰ বিজেপি যোগদান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply