নিউজ ডেস্ক : ক’ভিডত আক্ৰান্ত হৈছে কেন্দ্ৰীয় ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী ড০ ভাৰতী পাৱাৰ। বৃহস্পতিবাৰে পুৱা টুইটাৰত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে এই কথা সদৰী কৰে।
ক’ভিডত আক্ৰান্ত হোৱা বুলি উল্লেখ কৰি দিয়া এক টুইটত তেওঁ কয়, ”মোৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে। ঘৰতে মই নিজক আইচ’লেট কৰি ৰাখিছো। যোৱা কেইটামান দিনত যিসকল লোক মোৰ সংস্পৰ্শলৈ আহিছিল তেওঁলোকক মই নিজকে টেষ্ট কৰাৰ লগতে আইচ’লেশ্যনত থাকিবলৈ অনুৰোধ জনাইছো।”
উল্লেখযোগ্য যে দেশত ক’ভিডৰ সংক্ৰমণ পুনৰ বৃদ্ধি পাবলৈ ধৰিছে। যোৱা ৮ টা দিনত দেশত ক’ভিডৰ সংক্ৰমণ ৬.৩ গুণ বৃদ্ধি পোৱা বুলি স্বাস্থ্য মন্ত্ৰ্যালয়ে জানিবলৈ দিছে।
স্বাস্থ্য মন্ত্ৰ্যালয়ে মহাৰাষ্ট্ৰ, পশ্চিমবংগ, দিল্লী, কেৰেলা. তামিলনাডু, কৰ্ণাটক, ঝাৰখণ্ড আৰু গুজৰাট আদি ৰাজ্যৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে।
লগতে পঢ়ক – তিনিদিনীয়া কাৰ্যসূচীৰে ৰেডিছন ব্লুত অনুষ্ঠিত হ’ব নৰ্থ ইষ্ট ফেষ্টিভেল