নিউজ ডেস্কঃ ন্যায়াধীশ বিভি নাগাৰাথনা হ’ব পাৰে দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ। বৰ্তমানৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে পদোন্নতিৰ বাবে ন্যায়াধীশ নাগাৰাথনাকে ধৰি নজন ন্যায়াধীশৰ নাম অনুমোদন জনাইছে। ন্যায়াধীশ নাগাৰাথনা বৰ্তমান কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ।

কলেজিয়ামৰ দ্বাৰা যি ৯ জন ন্যায়াধীশৰ নাম অনুমোদিত হৈছে, তেওঁলোকৰ ভিতৰত ৩ গৰাকী মহিলা। ন্যায়াধীশ বিভি নাগাৰাথনা উপৰিও অনুমোদন কৰা আন দুগৰাকী মহিলা ন্যায়াধীশ হৈছে তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিমা কোহলী আৰু গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বেলা ত্ৰিবেদী

আনহাতে, কলেজিয়ামৰ দ্বাৰা চূড়ান্ত কৰা আন নামবোৰৰ ভিতৰত আছে ন্যায়াধীশ অভয় শ্ৰীনিৱাস ওকা (কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ), বিক্ৰম নাথ (গুজৰাট উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ), জীতেন্দ্ৰ কুমাৰ মহেশ্বৰী (ছিকিম উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ), চিটি ৰবিকুমাৰ (কেৰালা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ) আৰু এম এম সুন্দ্ৰেশ (কেৰালা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ)।

লগতে পঢ়কঃনেচনেল ডিফেন্স একাডেমীত এতিয়াৰে পৰা ছাত্ৰীয়েও ভৰ্তি হ’ব পাৰিব

যদি ন্যায়াধীশ বিভি নাগাৰাথনাৰ নাম কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনায়, তেনেহ’লে তেওঁ ২০২৭ চনত ভাৰতৰ মুখ্য ন্যায়াধীশ তথা প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ লাভ কৰিব। অৱশ্যে, তেওঁৰ কাৰ্যকাল এমাহতকৈ অলপ বেছি হ’ব। ন্যায়াধীশ নাগাৰাথনাৰ পিতৃ ই.এছ. ভেংকটাৰামাইয়াই উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে ১৯৮৯ চনৰ ১৯ জুনৰ পৰা ১৯৮৯ চনৰ ১৭ ডিচেম্বৰলৈ এই পদত অধিষ্ঠিত আছিল।

উচ্চতম ন্যায়ালয়ত বৰ্তমান মাত্ৰ এগৰাকী মহিলা ন্যায়াধীশ, ন্যায়াধীশ ইন্দিৰা বেনাৰ্জী আছে, যি ২০২২ চনৰ ছেপ্টেম্বৰত অৱসৰ ল’ব। উচ্চতম ন্যায়ালয়ত আজিলৈকে মাত্ৰ আঠগৰাকী মহিলা ন্যায়াধীশ নিযুক্ত হৈছে।

আনহাতে, এই সন্দৰ্ভত মুখ্য ন্যায়াধীশ এনভি ৰমনায়ে কৈছে যে ন্যায়াধীশৰ নিযুক্তিৰ ওপৰত এখন বৈঠক অনুষ্ঠিত হ’ব আৰু তেতিয়া সিদ্ধান্ত লোৱা হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply