মুখ্য ন্যায়াধীশ
মুখ্য ন্যায়াধীশ এন ভি ৰামানা

উচ্চতম ন্যায়ালয়ৰ নৱ-নিৰ্বাচিত মুখ্য ন্যায়াধীশ এন ভি ৰামানাই ল’লে শপত।
ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দই কৰালে শপত গ্ৰহণ।
শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।

উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ ৰামানা দিল্লী উচ্চ ন্যায়ালয় মুখ্য ন্যায়াধীশ আৰু অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ কাৰ্যকৰী মুখ্য ন্যায়াধীশৰ দায়িত্বত আছিল।
২৩ এপ্রিলত ন্যায়াধীশ শাৰদ অৰবিন্দ ববড়েই দেশৰ মুখ্য ন্যায়াধীশৰ পদৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত ন্যায়াধীশ ৰামানা উক্ত পদত অধিষ্ঠিত হয়।

যোৱা মার্চত ন্যায়াধীশ ববড়েই মুখ্য ন্যায়াধীশৰ সাংবিধানিক ক্ষমতা ব্যৱহাৰ কৰি ন্যায়াধীশ ৰামানাক পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছিল।

মুখ্য ন্যায়াধীশ ৰূপে ১৬ মাহৰ বাবে দায়িত্বত থাকিব ৰামানা । ২০২২ চনৰ ২৬ আগষ্টত অৱসৰ ল’ব মুখ্য ন্যায়াধীশ গৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply