নিউজ ডেস্ক: দেশৰ ৪৮ সংখ্যক মুখ্য ন্যায়াধীশ হ’ব এন ভি ৰামান্না । ৰাষ্ট্ৰপতিয়ে অহা ২৪ এপ্ৰিলত শপত গ্ৰহন কৰিব নতুন মুখ্যন্যায়াধীশ ৰূপে । বৰ্তমানৰ মুখ্য ন্যায়াধীশ এছ এ ব’বডেৰ কাৰ্যকাল অহা ২৩ এপ্ৰিলত সামৰণি পৰিব ।
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাবে ২০১৪ চনৰ ১৭ ফেব্ৰুৱাৰীত নিযুক্তি লাভ কৰা ৰামান্না বৰ্তমান জ্যেষ্ঠ ন্যায়াধীশ হিচাবে কৰ্মৰত হৈ আছে । ১৯৮৩ চনৰ ১০ ফেব্ৰুৱাৰীত অধিবক্তা হিচাবে কৰ্মজীৱন আৰম্ভ কৰা ন্যায়াধীশ ৰামান্নাৰ নাম বৰ্তমানৰ মুখ্য ন্যায়াধীশ এছ এ ব’বডেৰ ফালৰ পৰাও পঠিওৱা হৈছিল ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply