নিউজ ডেস্ক: বৃহস্পতিবাৰে তীখা মন্ত্ৰালয়ৰ অতিৰিক্ত দায়িত্ব গ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই।
সিন্ধিয়া বৰ্তমান অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ দায়িত্বত আছে। ৫১ বছৰীয়া মধ্যপ্ৰদেশৰ ৰাজ্যসভাৰ সাংসদগৰাকী চলিত মোদী চৰকাৰৰ তৃতীয়গৰাকী তীখা মন্ত্ৰী।
আজি তীখা সচিব সঞ্জয় কুমাৰ সিং আৰু মন্ত্ৰালয়ৰ অন্যান্য উচ্চপদস্থ বিষয়াৰ উপস্থিতিত নতুন দায়িত্ব লোৱাৰ আগে আগে তেওঁ নিজৰ জোতাজোৰ খুলি উদ্যোগ ভৱনত থকা কাৰ্যালয়ৰ টেবুলত ভগৱান গণেশৰ এটা প্ৰতিমা ৰাখে।
ৰাম চন্দ্ৰ প্ৰসাদ সিঙে তেওঁৰ ৰাজ্যসভাৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ এদিন পূৰ্বে বুধবাৰে নিজৰ পদ ত্যাগ কৰাৰ পিছতে সিন্ধিয়াই উক্ত দায়িত্বভাৰ গ্ৰহণ কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰামৰ্শত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে বুধবাৰে অসামৰিক বিমান পৰিবহণ মন্ত্ৰী সিন্ধিয়াক তীখা মন্ত্ৰালয়ৰ অতিৰিক্ত দায়িত্ব গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে বুলি এক চৰকাৰী বিবৃতিত প্ৰকাশ পাইছে।
লগতে পঢ়ক – Institute of Company Secretaries of India-ত বিভিন্ন পদত চাকৰি