নিউজ ডেস্ক : এঘণ্টা ২৫ মিনিটৰ বাবে আমেৰিকাৰ শাসনভাৰ গ্ৰহণ কৰে ভাৰতীয় মূলৰ ৰাজনীতিক তথা দেশখনৰ উপ ৰাষ্ট্ৰপতি কমলা হেৰিছে।

দৰাচলতে কলন’স্কপিৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনক এনাছথেচিয়াত ৰখাৰ বাবে শুকুৰবাৰে হেৰিছৰ হাতত সাময়িকভাৱে দেশখনৰ ৰাষ্ট্ৰপতি অৰ্পন কৰা হয়।

উল্লেখযোগ্য যে চলিত বৰ্ষৰ জানুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰা জো বিডেনক ৱাশ্বিংটনৰ ‘ৱাল্টাৰ ৰিড নেশ্যনেল মিলিটেৰী চেন্টাৰত কলন’স্কপি কৰা হৈছিল। কলন’স্কপি সম্পন্ন হৈ উঠাৰ পিছত বিডেনে পুনৰ ৰাষ্ট্ৰপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰে।

উল্লেখযোগ্য যে আমেৰিকাৰ ২৫০ বছৰীয়া ইতিহাসত দেশখনৰ ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰা কমলা হেৰিছে প্ৰথমগৰাকী মহিলা। এই সময়ছোৱাত তেওঁৰ হাতত দেশখনৰ সেনা বাহিনীৰ লগতে আনবিক অস্ত্ৰ ভাণ্ডাৰৰ নিয়ন্ত্ৰণ অৰ্পন কৰা হৈছিল।

অৱশ্যে আমেৰিকাত ইয়াৰ পূৰ্বেও এইদৰে ৰাষ্ট্ৰপতিৰ দায়িত্ব হস্তান্তৰ কৰা হৈছিল। ২০০২ আৰু ২০০৭ চনত জৰ্জ বুশ্ব দেশখনৰ ৰাষ্ট্ৰপতি হৈ থাকোতে তেওঁৰ চিকিৎসাৰ সময়ত তদানীন্তন উপ ৰাষ্ট্ৰপতিৰ হাতত ক্ষমতা তুলি দিয়া হৈছিল।

চলিত বৰ্ষৰ ২০ জানুৱাৰীত ভাৰতীয় বংশোদ্ভৱ কমলা হেৰিছে জো বিডেনৰ কংগ্ৰেছত দেশখনৰ ৪৯ সংখ্যক উপ ৰাষ্ট্ৰপতি হিচাপে অধিষ্ঠিত হয়।

লগতে পঢ়ক : দেশৰ আটাইতকৈ ওখ পৰিয়াল: বিদেশৰ পৰা অৰ্ডাৰ কৰিব লাগে জোতা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply