নিউজ ডেস্ক : কৃষক আন্দোলনৰ বিৰুদ্ধে সামাজিক মাধ্যমত বিৰুপ মন্তব্য দি আৰক্ষী ওচৰত হাজিৰ হ’ব লগীয়া হ’ল অভিনেত্ৰী কংগনা ৰানাউত। বৃহস্পতিবাৰে অভিনেত্ৰী গৰাকী মুম্বাই আৰক্ষীৰ ওচৰত হাজিৰ হয়।
উল্লেখযোগ্য যে অভিনেত্ৰী গৰাকীয়ে নিজৰ ইনস্টাগ্ৰাম একাউণ্টত দিয়া প’ষ্টত কৃষক আন্দোলনক এক খালিস্তানি আন্দোলন বুলি অভিহিত কৰিছিল, ইয়াৰ বিৰুদ্ধে এটা শিখ সংগঠনে যোৱা মাহত মুম্বাইৰ খাৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল।
আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ২৯৫-এ ধাৰাৰ অধীনত ৰানাউটৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি সোধ-পোচৰ বাবে তেওঁক থানালৈ মাতি এখন জাননী প্ৰেৰণ কৰিছিল। আজি দিনৰ ১১ বজাত কংগনাই খাৰ আৰক্ষী থানাত হাজিৰ হয় বুলি তেওঁৰ অধিবক্তাই জানিবলৈ দিয়ে।
লগতে পঢ়ক : আৰক্ষী চকীৰ কাষতে দুষ্কৃতিকাৰীয়ে ভাঙি থৈ গ’ল বীৰছা মুণ্ডাৰ প্ৰতিমূৰ্তি