নিউজ ডেস্ক : কৃষক আন্দোলনৰ ওপৰত সামাজিক মাধ্যমত দিয়া প’ষ্টৰ বাবে হত্যাৰ ভাবুকি লাভ কৰিছে অভিনেত্ৰী কংগনা ৰানাৱতে। মঙলবাৰে অভিনেত্ৰী গৰাকীয়ে জনোৱা মতে বিভিন্ন শক্তিৰ পৰা ভাবুকি অহাত তেওঁ আৰক্ষীৰ ওচৰত এখন এজাহাৰ দাখিল কৰিছে।
উল্লেখযোগ্য যে কৃষক আন্দলোনক লৈ প্ৰায়ে বিৰূপ মন্তব্য প্ৰকাশ কৰি অহা কংগনা ৰানাৱতে অলপতে ইনস্টাগ্ৰামত হিন্দীত এটা প’ষ্ট দিছিল।
উক্ত প’ষ্ট দিয়াৰ পিছৰ পৰা তেওঁলৈ ‘বিচ্ছিন্নতাবাদী শক্তিসমূহৰ’ পৰা অহৰহ ‘হত্যাৰ ভাবুকি’ আহিবলৈ ধৰিছে বুলি অভিনেত্ৰী গৰাকীয়ে অভিযোগ কৰে।
”মই উক্ত ভাবুকি সমূহৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এখন এজাহাৰ দাখিল কৰিছো আৰু মই ভাবো পঞ্জাব চৰকাৰে শীঘ্ৰে উচিত ব্যৱস্থা গ্ৰহণ কৰিব,” তেওঁ কয়।
লগতে পঢ়ক : মানকাচৰ মহাবিদ্যালয়ৰ প্ৰবক্তা আৰু কৰ্মচাৰীৰ কৰ্ম বিৰতি