চিৰ দিনলৈ বন্ধ কৰা হ’ল বলিউডৰ অভিনেত্ৰী কঙ্গনা ৰানাউটৰ টুইটাৰ একাউণ্ট। অভিনেত্ৰী গৰাকীয়ে বাৰম্বাৰ সামাজিক মাধ্যমটোৰ নীতি লংঘন কৰি অহা বাবে এই সিদ্ধান্ত লোৱা হৈছে বুলি টুইটাৰৰ ফালৰ পৰা জনোৱা হয়।
জানিব পৰা মতে, সদ্য সমাপ্ত পশ্চিমবংগ নিৰ্বাচনৰ ফলাফলৰ পিছত সৃষ্টি হোৱা হিংসাত্মক ঘটনাক লৈ অভিনেত্ৰী গৰাকীয়ে উচতনিমূলক মন্তব্য দিছিল।
অভিনেত্ৰী গৰাকীয়ে হিংসাত্মক ঘটনাৰ বাবে তৃণমূল কংগ্ৰেছ আৰু ৰাজ্যখনৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক জগৰীয়া কৰে।
তেওঁ দিয়া এটা টুইটত অভিনেত্ৰী গৰাকীয়ে, প্ৰধান মন্ত্ৰী মোদীক ‘২০০০ দশকৰ আৰম্ভণিৰ দৰে’ ‘বিৰাট ৰূপ লৈ’ মমতা বেনাৰ্জীক ‘বশ’ কৰিবলৈ আহ্বান জনাইছিল।
উক্ত টুইটতোক কেন্দ্ৰ কৰি যথেষ্ট বিতৰ্কৰ সৃষ্টি হয় আৰু বহুতে অভিনেত্ৰী গৰাকীৰ টুইটাৰ একাউণ্ট বন্ধ কৰি দিয়াৰ দাবী তোলে।