নিউজ ডেস্ক : গুজৰাটৰ ভাদগাম সমষ্টিৰ বিধায়ক জিগনেশ মেৱানী তথা জৱাহাৰলাল নেহৰু বিশ্ববিদ্যালয় (জে এন ইউ) ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি কানহাইয়া কুমাৰে আজি কংগ্ৰেছত যোগদান কৰিব।
আজি পুৱা দিল্লীৰ কংগ্ৰেছৰ কাৰ্য্যালয়ৰ বাহিৰত এসময়ৰ ছাত্ৰ নেতা দুজনক দললৈ স্বাগতম জনোৱা পোষ্টাৰ সজাই থোৱা দেখা গৈছে।
উল্লেখযোগ্য যে দলিত ছাত্ৰ নেতা জিগনেশ মেৱানীয়ে ২০১৭ চনত কংগ্ৰেছৰ সমৰ্থনত গুজৰাটৰ ভাদগাম সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী ৰূপে বিজয়ী হৈছিল। জানিব পৰা ৰাজ্যখনত অহা বছৰ অনুষ্ঠিত হ’ব লগীয়া বিধানসভা নিৰ্বাচনত মেৱানী দলটোৰ নিৰ্বাচনী কৌশলৰ মূল চাবিকাঠি হিচাপে পৰিগণিত হ’ব।
আনহাতে যোৱা বাৰ লোকসভা নিৰ্বাচনত বিহাৰৰ ভেগুছৰাই সমষ্টিৰ পৰা ভাৰতীয় কমিউনিষ্ট দল (চি পি আই)-ৰ হৈ প্ৰতিদ্বন্দ্বিতাত নমা কানহাইয়া কুমাৰে বিজেপি প্ৰাৰ্থী গিৰিৰাজ সিঙৰ হাতত পৰাজিত হৈছিল।
উত্তৰপ্ৰদেশ, পঞ্জাব, উত্তৰাখণ্ড, গোৱা তথা মণিপুৰত হ’বলগীয়া আগন্তুক বিধানসভা নিৰ্বাচনত দুয়োগৰাকী নেতাই কংগ্ৰেছৰ প্ৰচাৰত বিশেষ ভূমিকা ল’ব বুলি অনুমান কৰা হৈছে।
লগতে পঢ়ক : পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য