নিউজ ডেস্কঃ পাকিস্তানৰ কাৰাচী বিশ্ববিদ্যালয়ত মঙলবাৰে সংঘটিত হয় ভয়ংকৰ বিস্ফোৰণ। এই বিস্ফোৰণত কেইবাজনো লোকৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। বৰ্তমানলৈ এই বিস্ফোৰণৰ কাৰণ জানিব পৰা হোৱা নাই।
দৰাচলতে, বিশ্ববিদ্যালয়খনৰ চৌহদত এখন বাহনত বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। এই বিস্ফোৰণত বৰ্তমানলৈ চাৰিজন লোকৰ মৃত্যু হোৱাটো নিশ্চিত কৰিছে স্থানীয় সংবাদ মাধ্যমে।
কাৰাচী বিশ্ববিদ্যালয়ত সংঘটিত এই বিস্ফোৰণত নিহত সকলৰ ভিতৰত তিনিগৰাকী চীনৰ নাগৰিক। প্ৰায়ে চীনে পাকিস্তানৰ নিজৰ দেশৰ নাগৰিকসকলৰ নিৰাপত্তাৰ দিশত প্ৰশ্ন উত্থাপন কৰি আহিছে। আৰু এই বিস্ফোৰণত তিনিগৰাকী চীনৰ নাগৰিকৰ মৃত্যু হোৱাৰ পাছত চীনৰ সৈতে কিছু হ’লেও পাকিস্তানৰ সম্পৰ্কত ফাঁট মেলাৰ সম্ভাৱনাই দেখা দিছে।
উল্লেখ্য যে, এই বিস্ফোৰণ দিনৰ প্ৰায় ১.৫২ বজাত সংঘটিত হয়। আৰু এই বিস্ফোৰণত নিহত চীনৰ নাগৰিক কেইজন হৈছে ক্ৰমে- হুৱাংগ গুইপিং, দিংগ মুপেংগ আৰু চেন ছাই।